உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Entertainment World: কোনে ধ্বংস কৰিলে Tiger 3ৰ ছেট? কিয় ইমান চিন্তিত হৈ পৰিছে ছানী লিয়নী? Covid ক পৰাস্ত কৰি ঘৰলৈ উভতিল কোন অভিনেতা?

    Entertainment World: কোনে ধ্বংস কৰিলে Tiger 3ৰ ছেট? কিয় ইমান চিন্তিত হৈ পৰিছে ছানী লিয়নী? Covid ক পৰাস্ত কৰি ঘৰলৈ উভতিল কোন অভিনেতা?

    বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনেও (Amitabh Bachchan) এই কঠিন পৰিস্থিতিত তেওঁৰ 'বাবুজী' অৰ্থাৎ পিতৃ হৰিবংশ ৰায় বচ্চন (Harivansh Rai Bachchan)ৰ কবিতাৰ শাৰীবোৰ মনত পেলাইছে।

    বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনেও (Amitabh Bachchan) এই কঠিন পৰিস্থিতিত তেওঁৰ 'বাবুজী' অৰ্থাৎ পিতৃ হৰিবংশ ৰায় বচ্চন (Harivansh Rai Bachchan)ৰ কবিতাৰ শাৰীবোৰ মনত পেলাইছে।

    বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনেও (Amitabh Bachchan) এই কঠিন পৰিস্থিতিত তেওঁৰ 'বাবুজী' অৰ্থাৎ পিতৃ হৰিবংশ ৰায় বচ্চন (Harivansh Rai Bachchan)ৰ কবিতাৰ শাৰীবোৰ মনত পেলাইছে।

    • Share this:

    কোৰোণাই ইয়াৰ ধ্বংসলীলা অব্যাহত ৰখা সময়তে টাউটে ঘূৰ্ণীবতাহে (Cyclone Tauktae) দেশখনত ইয়াৰ তাণ্ডৱ দেখুৱাবলৈ আৰম্ভ কৰিছিল। প্ৰচণ্ড ধুমুহা আৰু বৰষুণে মানুহক চিন্তিত কৰি তুলিছে। এই সংকটৰ সময় সোনকালেই শেষ হ’বলৈ মানুহে এতিয়া ইয়াৰ বাবে প্ৰাৰ্থনা কৰিছে। বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনেও (Amitabh Bachchan) এই কঠিন পৰিস্থিতিত তেওঁৰ 'বাবুজী' অৰ্থাৎ পিতৃ হৰিবংশ ৰায় বচ্চন (Harivansh Rai Bachchan)ৰ কবিতাৰ শাৰীবোৰ মনত পেলাইছে। তেওঁ অলপতে নিজে কবিতা লিখিছিল আৰু অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছিল।


    দক্ষিণৰ চুপাৰষ্টাৰ অল্লু অৰ্জুনে অলপতে কোৰোণাৰ যুদ্ধত জয়ী হৈ ঘৰলৈ উভতি আহিছে। অভিনেতাজনে ৪৫ বছৰৰ অধিক বয়সৰ তেওঁৰ কৰ্মচাৰীৰ পৰিয়ালৰ লোকক কোৰোণা টিকাকৰণ কৰাইছে।

    কৌতুক অভিনেতা, লেখক আৰু অভিনেতা পল মুনিয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ বুধবাৰে ৭৯ বছৰ বয়সত এই সংসাৰৰ পৰা বিদায় মাগে। বিখ্যাত কৌতুক অভিনেতাজনৰ এজেণ্ট হেলেন শ্ব'য়ে এই কথা নিশ্চিত কৰিছে।

    দীপিকা সিং ছচিয়েল মিডিয়াত অতি সক্ৰিয়। তেখেতে নৃত্য অত্যন্ত ভাল পায়। সিঙে তেখেতৰ নৃত্যৰ ভিডিঅ' ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰি থাকে। দীপিকা শেহতীয়াকৈ তেখেতৰ এটা ডাঞ্চ ভিডিঅ'ৰ বাবে ট্ৰ'লৰ সন্মুখীন হয়। বহুতে ভিডিঅ'টোক কুৎসিত বুলি বৰ্ণনা কৰিছে, আনহাতে আন কিছুমানে তেখতক নৃত্য শিকিবলৈ নিৰ্দেশ দিছে।

    কৌন বনেগা কৰোড়পতি ১৩'ৰ (KBC 13) পঞ্জীয়নৰ দশম প্ৰশ্নত অমিতাভ বচ্চনে (Amitabh Bachchan) সাম্প্ৰতিক সময়ত অনুষ্ঠিত মহাকাশ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্ন সুধিছে।

    মুম্বাই। চলমান খান (Salman Khan) আৰু কেটৰিনা কাইফৰ (Katrina Kaif) মুক্তি পাবলগীয়া ছবি টাইগাৰ ৩ (Tiger 3) কিছু সময়ৰ পৰা সমস্যাৰ সন্মুখীন হৈছে। প্ৰথমে কোৰোণা আৰু লকডাউন, তাৰ পিছত কেটৰিনা কোভিড পজিটিভ হয় আৰু এতিয়া টাউটে ঘূৰ্ণীবতাহে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে গোৰেগাঁৱৰ এছআৰপিএফ গ্ৰাউণ্ডত ডুবাইৰ বজাৰৰ এটা ছেট স্থাপন কৰা হৈছিল, যিটো ধুমুহাৰ ফলত ধ্বংস হয়।

    ইফালে, কোৰোণাৰ বাবে ছানী লিয়ন সংকিত হৈ পৰিছে। তেখেতে কয় যে শিশুসকলক এই ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগিব। অভিভাৱক হিচাপে নিৰন্তৰ সুৰক্ষামূলক অৱস্থাত বাস কৰাৰ ফলত চাপৰ স্তৰ বৃদ্ধি পাইছে। সকলো সময়তে, তেওঁলোক ক'ত আছে, তেওঁলোকে কি কৰি আছে, তেওঁলোকে মাস্ক পিন্ধিছে নে নাই তাৰ এক ভয় থাকে। এই সকলোবোৰ বস্তুৱে চিন্তিত কৰি তুলিছে।
    Published by:Kokil Sarma
    First published: