সঁচাকৈয়ে 'দ্ৰৌপদী' হ'ব নেকি বলীউডৰ মোহময়ী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী ?

News18 Assam | News18-Assam
Updated:June 9, 2021, 11:17 PM IST
সঁচাকৈয়ে 'দ্ৰৌপদী' হ'ব নেকি বলীউডৰ মোহময়ী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী ?
পৌৰাণিক কাহিনী মহাভাৰতৰ দ্বাৰা অনুপ্ৰাণিত এটা ডাঙৰ প্ৰকল্পত দ্ৰৌপদীৰ চৰিত্ৰটো ৰিয়া চক্ৰৱৰ্তীক আগবঢ়োৱা হৈছে আৰু তেওঁ বৰ্তমান এই সন্দৰ্ভত বিবেচনা কৰি আছে। 

পৌৰাণিক কাহিনী মহাভাৰতৰ দ্বাৰা অনুপ্ৰাণিত এটা ডাঙৰ প্ৰকল্পত দ্ৰৌপদীৰ চৰিত্ৰটো ৰিয়া চক্ৰৱৰ্তীক আগবঢ়োৱা হৈছে আৰু তেওঁ বৰ্তমান এই সন্দৰ্ভত বিবেচনা কৰি আছে। 

  • Share this:
এই সপ্তাহৰ আৰম্ভণিতে, ৰিয়া চক্ৰৱৰ্তীক এক মিডিয়া হাউচে Most Desirable Woman 2020ৰ খিতাপ দিছিল। এয়া কেৱল কাৰোবাৰ শাৰীৰিক সৌন্দৰ্য বা সুন্দৰ চেহেৰাৰ ওপৰত আধাৰিত নহয়, কিন্তু মুখ্যতঃ কোনে ব্যক্তিজনৰ বিষয়ে কিমান ভাবে বা সেই ব্যক্তিজনে কাৰোবাৰ মনত কিমান স্থান ৰাখিছে তাৰ ওপৰত আধাৰিত আছিল।

এতিয়া এক বাতৰি ওলাইছে যে অভিনেত্ৰীগৰাকীক আটাইতকৈ পুৰণি পৌৰাণিক কাহিনী মহাভাৰতৰ দ্বাৰা অনুপ্ৰাণিত এটা ডাঙৰ প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছে। সংবাদ মাধ্যমত এনে ধৰণৰ প্ৰতিবেদন আহি আছে। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত এটা সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে, 'মহাভাৰত আৰু দ্ৰৌপদীৰ চৰিত্ৰৰ ওপৰত আধাৰিত ই এক অনন্য আৰু ডাঙৰ প্ৰকল্প হ'ব। যি পৃথিৱীত ইয়াক প্ৰতিষ্ঠা কৰা হ'ব সেয়া আধুনিক আৰু সমসাময়িক হ'ব। এয়া এনেকুৱা হ'ব যিটো আগতে কেতিয়াও কৰা হোৱা নাছিল। দ্ৰৌপদীৰ চৰিত্ৰটো ৰিয়া চক্ৰৱৰ্তীক আগবঢ়োৱা হৈছে আৰু তেওঁ বৰ্তমান এই সন্দৰ্ভত বিবেচনা কৰি আছে। 
Published by: Kokil Sarma
First published: June 9, 2021, 11:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি