মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আচৰিত! শস্যত আনৰ চকু নপৰিবলৈ খেতিপথাৰত কৃষকে আঁৰিলে ছানী লিয়নীৰ বৃহৎ ফটো...

আচৰিত! শস্যত আনৰ চকু নপৰিবলৈ খেতিপথাৰত কৃষকে আঁৰিলে ছানী লিয়নীৰ বৃহৎ ফটো...

News18 Assam | News18-Assam
Updated:August 1, 2021, 4:26 PM IST
আচৰিত! শস্যত আনৰ চকু নপৰিবলৈ খেতিপথাৰত কৃষকে আঁৰিলে ছানী লিয়নীৰ বৃহৎ ফটো...
ফটোখনত কৃষকজনে লিখিছে, - 'মোক লৈ নাকান্দিবা বা ঈৰ্ষা নকৰিবা!'

ফটোখনত কৃষকজনে লিখিছে, - 'মোক লৈ নাকান্দিবা বা ঈৰ্ষা নকৰিবা!'

  • Share this:
ছানী লিয়নী! নিজৰ জনপ্ৰিয়তাৰ জৰিয়তে এতিয়া বলীউদত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে। সমগ্ৰ দেশজুৰি ছানীৰ আছে অসংখ্য অনুৰাগী। কিন্তু এইবাৰ ছানী লিয়নীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে অন্য এটা কাৰণত...

অন্ধ্ৰপ্ৰদেশৰ এগৰাকী কৃষকে নিজৰ খেতি পথাৰত আঁৰিছে ছানী লিয়নীৰ বৃহৎ ফটো। ফটোখন লগোৱাৰ কাৰণো আকৌ সুকীয়া। ফটোখনত কৃষকজনে লিখিছে, - 'মোক লৈ নাকান্দিবা বা ঈৰ্ষা নকৰিবা!'



শেহতীয়াকৈ এটা নিউজ পৰ্টেলৰ সৈতে হোৱা ইণ্টাৰভিওত লোকজনে কৈছিল যে, এটা বছৰত তেওঁৰ ১০ একৰ কৃষিভূমিত সুন্দৰ খেতি হৈছিল। কিন্তু তেওঁৰ খেতিত গাঁৱৰ একাংশ লোকৰ অনাহকত চকু পৰিছিল। গতিকে শস্যৰ পৰা আন লোকৰ দৃষ্টি কাঢ়ি আনিবলৈয়ে তেওঁ এনেদৰে ছানী লিয়নীৰ পোষ্টাৰ আঁৰি দিছে।  লগতে কৈছে যে, এই বুদ্ধিৰ ফলত কোনো লোকে তেওঁৰ শস্যৰ ফালে চকু নিদিব।'

অন্ধ্ৰপ্ৰদেশৰ নেলুৰে জিলাৰ ঘটনা এয়া। এই ফটো খন অংকিনাপাল্লী চেনসু ৰেড্ডীৰ খেতিপথাৰৰ পৰা তোলা হৈছিল। যত তেওঁ বন্ধাকবি, ফুলকবি, জলকীয়া আদিৰ খেতি কৰিছে।
Published by: Himangshu Bhuyan
First published: August 1, 2021, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি