உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • বিয়াৰ আগতে কিয় ৰণবীৰ সিঙৰ সৈতে থকা নাছিল দীপিকা পাডুকণ? ক’লে দীপিকাই

    বিয়াৰ আগতে কিয় ৰণবীৰ সিঙৰ সৈতে থকা নাছিল দীপিকা পাডুকণ? ক’লে দীপিকাই

    Photo : newsmobile.in

    Photo : newsmobile.in

    দীপিকাই কয় যে দুয়ো একেলগে নথকাৰ বাবে দুয়ো দুয়োৰে কথাবোৰ জানিবলৈ–বুজিলৈ অধিক সুবিধা পাইছো

    • Share this:
      বলীউদৰ সৰ্বাধিক চৰ্চিত দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকণ বৰ্তমান পুনৰ চৰ্চালৈ আহিছে। শেহতীয়াকৈ হাৰ্পাৰ্ছ বাজাৰ ইউ এছ মেগাজিনে দীপিকাক ক’ভাৰ গাৰ্ল বনাইছিল আৰু দীপিকাৰ এটা সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল। এই সাক্ষাৎকাৰত দীপিকাই নিজৰ স্বামী, মানসিক স্বাস্থ্য আৰু বিয়াক লৈ বহু কথা প্ৰকাশ কৰে।

      সাক্ষাৎকাৰত দীপিকাক সোধা হৈছিল যে কিয় বিয়াৰ পূৰ্বে ৰণবীৰ সিঙৰ সৈতে একেলগে থকা নাছিল। এই প্ৰশ্নৰ উত্তৰত দীপিকা কৈছিল – ‘আমি দুয়ো ধাৰাবাহিকভাৱে ভ্ৰমণ কৰিছিলো। এনেকুৱা নহয় যে আমাৰ দুয়োৰে বাবে নিজৰ পৰম্পৰাক আওকাণ কৰা সহজ নাছিল। বিশেষকৈ মোৰ বাবে। কিয়নো ৰণবীৰ এবাৰতে যিকোনো স্থিতিৰ বাবে সাজু আছিল। ৰণবীৰে সদায় কৈছিল যে যিটো বস্তুৱে তোমাক সুখী কৰি ৰাখিব, মোক সুখী কৰি ৰাখিব সেয়াই শুদ্ধ। কিন্তু মই ভাবিছিলো যে এই সকলো এক সঠিক সময়ত কৰাটো উচিত। যিধৰণে মই নিজৰ পিতৃ–মাতৃক সকলো দায়িত্ব লোৱা দেখিছিলো, মই তেনেকুৱাই কৰিব বিচাৰিছিলো।

      দীপিকাই কয় যে দুয়ো একেলগে নথকাৰ বাবে দুয়ো দুয়োৰে কথাবোৰ জানিবলৈ–বুজিলৈ অধিক সুবিধা পাইছো। দীপিকাই কয় – যদি আমি একেলগে থকা আৰম্ভ কৰিলোহেঁতেন তেন্তে ভৱিষ্যতে এজনে আনজনৰ বিষয়ে জানিবলৈ–বুজিবলৈ কি বাকী থাকিলহেঁতেন? বিগত এবছৰ ধৰি আমি যিমান যি কৰিছো, এই সকলোৰে পৰা বঞ্চিত হ’লোহেঁতেন।

      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
      First published: