দীপিকা পাডুকণ আৰু ৰণবীৰ সিঙৰ যুটীয়ে ৰিয়েল লাইফৰ লগতে ৰিল লাইফতো দৰ্শকৰ অতি পছন্দৰ। একেলগে অভিনয় কৰা দুয়োৰে ছবিসমূহো আঁকোৱালি লৈছে দৰ্শকে। বৰ্তমান দুয়ো পতি–পত্নী, সেইবাবেই দীপিকা পাডুকণে ৰণবীৰ সিঙৰ সৈতে অভিনয় কৰিবলৈ অমান্তি হৈছিল।
দীপিকা পাডুকণ আৰু ৰণবীৰ সিঙে কেইবাখনো ছবিত কাম কৰিছে। ইয়াৰ ভিতৰত ‘ৰামলীলা’, ‘বাজীৰাও মস্তানি’, ‘পদ্মাৱত’ উল্লেখযোগ্য। এই ছবিসমূহত দুয়োৰে অভিনয় আৰু ৰোমাঞ্চ দৰ্শকে আঁকোৱালি লৈছিল।
কিন্তু এতিয়া মুম্বাই মিৰ’ৰৰ এক খবৰ অনুসৰি দীপিকা পাডুকণে স্বামী ৰণবীৰ সিঙৰ সৈতে ছবিত কাম কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। দীপিকাই এখনৰ পিছত আনখন ছবিত ৰণবীৰৰ সৈতে কাম কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কাৰণো উল্লেখ কৰে দীপিকাই।
দীপিকাৰ মতে, তেওঁ ৰিয়েল লাইফৰ ‘কাপল কেমেষ্ট্ৰি’ পৰ্দাত অভাৰ এক্সপ’জ কৰিব নিবিচাৰে। অৱশ্যে শীঘ্ৰে ছবিগৃহলৈ আহিব ৰণবীৰ–দীপিকা অভিনীত আন এখন ছবি। কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবি ‘83’ একেলগে দেখা যাব দুয়োকে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|