বিমানবন্দৰত ফটো তুলিছিল ফটোগ্ৰাফাৰে, চাওক কি অফাৰ দিলে দীপিকাই?

News18-Assam
Updated:June 25, 2019, 6:38 PM IST
বিমানবন্দৰত ফটো তুলিছিল ফটোগ্ৰাফাৰে, চাওক কি অফাৰ দিলে দীপিকাই?
এইবাৰো দীপিকাৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে। আকৌ নিজৰ নিৰ্জু স্বভাৱৰ পৰিচয় দিলে দীপিকাই।

এইবাৰো দীপিকাৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে। আকৌ নিজৰ নিৰ্জু স্বভাৱৰ পৰিচয় দিলে দীপিকাই।

  • Share this:
বৰ্তমান সময়ত বলীউদৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী বুলি কোৱা হয় দীপিকা পাডুকণক। অভিনয়ৰ লগতে নিজৰ স্বভাৱ আৰু সুন্দৰ ব্যৱহাৰৰ বাবে দীপিকাৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে। কেমেৰাৰ মুখামুখি হ’লেই হাঁহিমুখে দেখা যায় দীপিকাক। কিছুদিন পূৰ্বে বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ সৈতে সুন্দৰ ব্যৱহাৰৰ বাবে প্ৰশংসিত হৈছিল দীপিকা। মুম্বাই বিমানবন্দৰত তালাচীৰ সময়ত দীপিকাৰ সৈতে আছিল পিতৃ প্ৰকাশ পাডুকণ। ভিডিঅ’ত দেখা গৈছিল দীপিকা গে’টৰ ফালে আগবাঢ়িছিল। সেই সময়তে নিৰাপত্তাৰক্ষীয়ে পিছফালৰ পৰা পৰিচয় পত্ৰ বিচৰাত উভতি আহিছিল দীপিকা। এক মুহূৰ্তও পলম নকৰি হেণ্ডবেগৰ পৰা পৰিচয় পত্ৰ উলিয়াই দেখুৱাইছিল অভিনেত্ৰীগৰাকীয়ে।



 





View this post on Instagram




 

Thy shall always obey rules 👍 #deepikapadukone


A post shared by Viral Bhayani (@viralbhayani) on





এইবাৰো দীপিকাৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে। আকৌ নিজৰ নিৰ্জু স্বভাৱৰ পৰিচয় দিলে দীপিকাই। সোমবাৰে নিশা চেন্নাইৰ পৰা মুম্বাই বিমানবন্দৰত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। স্বাভাৱিকতেই দীপিকাক কেমেৰাত বন্দী কৰিবলৈ আগবাঢ়িছিল ফটোগ্ৰাফাৰসকল। গাড়ীত উঠাৰ পূৰ্বে মিঠা হাঁহি এটা মাৰি দীপিকাই ফটো সাংবাদিকক দিলে একেলগে গাড়ীত যোৱাৰ প্ৰস্তাৱ। ভিডিঅ’ত দীপিকা ফটো সাংবাদিকজনক কৈছে – ‘আ যা বৈঠ যা।’



 




View this post on Instagram




 

#deepikapadukone invites us for a drive ❤❤❤❤😍. #airportdiaries #viralbhayani @viralbhayani


A post shared by Viral Bhayani (@viralbhayani) on




আৰু চাওক
পৰৱৰ্তী বাতৰি