দেওবাৰে বণি কাপুৰে শ্ৰীদেৱীৰ ওপৰত লিখা গ্ৰন্থ Sridevi: The Eternal Screen Goddess উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণ আৰু ছবি পৰিচালক গৌৰী শিন্দেও। অনুষ্ঠানত বণি কাপুৰে পত্নী শ্ৰীদেৱীক স্মৰণ কৰি আবেগিক হৈ পৰে। কিন্তু যেতিয়া দীপিকা পাডুকণে শ্ৰীদেৱীৰ কিছু স্মৃতি ৰোমন্থন কৰিলে তেতিয়া চকুপানী ধৰি ৰাখিব নোৱাৰিলে বণি কাপুৰে।
দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত আয়োজিত অনুষ্ঠানত উন্মোচন কৰা হয় সত্যাৰ্থ নায়কে লিখা কিতাপখন। গ্ৰন্থখন মুকলি কৰি দীপিকা পাডুকণে কয় – এই সন্ধিয়াটো মোৰ বাবে এক টেঙা–মিঠাৰ অভিজ্ঞতা। আমি তেওঁক (শ্ৰীদেৱী) সুঁৱৰিছো, কিন্তু মই নিজকে ভাগ্যৱান বুলি ভাবো কিয়নো এই পৰিয়ালটোৱে এই কামটোৰ বাবে মোক বাছনি কৰিলে। যেতিয়া বণিজীয়ে এই কিতাপখন উন্মোচন কৰিবৰ বাবে মোক কৈছিল মই হ’ব বুলি কোৱাৰ কাৰণ এয়া নাছিল যে এইখন শ্ৰীদেৱীৰ কিতাপ। কাৰণ আছিল সেইগৰাকী ব্যক্তিক মই ব্যক্তিগতভাৱে বহুত ভাল পাইছিলো। মোৰ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা বণিজী আৰু শ্ৰীদেৱী মোৰ চেম্পিয়ন। ২০০৭ চনৰ পৰা যেতিয়াই মোৰ কোনো ছবি মুক্তিলাভ কৰিছিল, পলম নকৰি তেওঁ ব্যক্তিগতভাৱে মোক মেছেজ কৰিছিল, যিসমূহ মেছেজ আজিও মোৰ ওচৰত আছে।
দীপিকাই কয় – যদি শ্ৰীদেৱী আৰু বণিজীয়ে মোৰ কোনো প্ৰদৰ্শনক লৈ প্ৰশংসা কৰিছিল তেন্তে মই জানিছিলো যে মই ইয়াৰ বাবে পুৰস্কাৰ পাম। শেষত দীপিকাই বণি কাপুৰৰ ফালে চাই ক’লে – এই সুবিধা দিয়া বাবে আপোনাক ধন্যবাদ। দীপিকাৰ কথা শুনি আবেগিক হৈ বণি কাপুৰে সাবটি ধৰে দীপিকাক।
আনহাতে, যেতিয়া কিতাপখনৰ লেখক সত্যাৰ্থ নায়কে বণি কাপুৰক এই কিতাপখনৰ বাবে ধন্যবাদ জনালে, সেই সময়ত চকুপানী ধৰি ৰাখিব নোৱাৰিলে বণি কাপুৰে। দীপিকা পাডুকণে সাবটি ধৰে আবেগিক বণি কাপুৰক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|