দীপিকাই এচিড আক্ৰমণৰ বলি হোৱাসকলৰ সৈতে পালন কৰিব ওপজা দিন।
দীপিকাই এচিড আক্ৰমণৰ বলি হোৱাসকলৰ সৈতে পালন কৰিব ওপজা দিন।
বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণৰ আজি ওপজা দিন। জন্মদিনৰ দিনটোত বলীউদৰ গ্লেমাৰাছ গাৰ্ল দীপিকা লক্ষ্ণৌত উপস্থিত হয়। দীপিকাই এচিড আক্ৰমণৰ বলি হোৱাসকলৰ সৈতে পালন কৰিব ওপজা দিন। দীপিকাৰ সৈতে স্বামী ৰণৱীৰ সিঙো উপস্থিত হয় লক্ষ্ণৌত।
লক্ষ্ণৌলৈ ৰাওনা হোৱাৰ সময়তে বিমানবন্দৰত জন্মদিনৰ কেক কাটিলে দীপিকাই। বিমানবন্দৰত এগৰাকী অনুৰাগীয়ে কেক লৈ ৰৈ আছিল। দীপিকাই অনুৰাগীগৰাকীৰ অনুৰোধত কেক কটাৰ লগতে ফটোৰ বাবেও প’জ দিলে। কাষতে হাঁহি হাঁহি এই দৃশ্য উপভোগ কৰিলে ৰণৱীৰ সিঙে। এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|