কিয় নিজৰ কাপোৰ বিক্ৰী কৰিবলগীয়া হ’ল অভিনেত্ৰী দীপিকা পাডুকণে?

News18-Assam
Updated:October 11, 2019, 3:56 PM IST
কিয় নিজৰ কাপোৰ বিক্ৰী কৰিবলগীয়া হ’ল অভিনেত্ৰী দীপিকা পাডুকণে?
অভিনেত্ৰীগৰাকীয়ে কয় যে এই কাপোৰসমূহ বিক্ৰী কৰি পোৱা ধন খৰচ কৰা হ’ব মানসিক ৰোগৰ সৈতে যুঁজি থকা লোকৰ সাহায্যৰ বাবে।

অভিনেত্ৰীগৰাকীয়ে কয় যে এই কাপোৰসমূহ বিক্ৰী কৰি পোৱা ধন খৰচ কৰা হ’ব মানসিক ৰোগৰ সৈতে যুঁজি থকা লোকৰ সাহায্যৰ বাবে।

  • Share this:
দীপিকা পাডুকণে বিক্ৰী কৰিলে নিজৰ পছন্দৰ কাপোৰ। যদি আপুনিও দীপিকা পাডুকণৰ ৰেড কাৰ্পেট লুকছৰ অনুৰাগী আৰু অভিনেত্ৰীগৰাকীৰ কাপোৰ পছন্দ কৰে তেন্তে সেয়া আপুনি কিনিবও পাৰে। দীপিকা পাডুকণে নিজৰ প্ৰিয় পোছাক বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে আৰু নিজৰ ৱেবছাইটৰ জৰিয়তে সেয়া কিনিব পাৰি। শেহতীয়াকৈ ছচিয়েল মিডিয়াযোগে এই ঘোষণা কৰে দীপিকাই।

দীপিকা পাডুকণৰ এডা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত অভিনেত্ৰীগৰাকীয়ে কৈছে যে ৱেবছাইটত বিক্ৰীৰ বাবে দিয়া কাপোৰ প্ৰায় ২ ঘণ্টাৰ ভিতৰতে শেষ হৈ গৈছে। আচলতে দীপিকাই ১০ অক্টোবৰ অৰ্থাৎ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ দিনা এই বিক্ৰীৰ কথা ঘোষণা কৰিছিল।




অভিনেত্ৰীগৰাকীয়ে কয় যে এই কাপোৰসমূহ বিক্ৰী কৰি পোৱা ধন খৰচ কৰা হ’ব মানসিক ৰোগৰ সৈতে যুঁজি থকা লোকৰ সাহায্যৰ বাবে। মানসিক ৰোগৰ সৈতে জড়িত এটা সংস্থাও চলায় দীপিকাই। যাৰ নাম Live Love Laugh। মানসিক স্বাস্থ্যৰ সম্বন্ধীয় বিষয়ৰ ওপৰত কাম কৰে সংস্থাটোৱে।


আন এটা নতুন ভিডিঅ’ত দীপিকাই কয় যে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটা ফোন কলৰ পৰা জানিব পাৰিছে যে তেওঁৰ এই পছন্দৰ কাপোৰসমূহ প্ৰায় দুঘণ্টাৰ ভিতৰতে বিক্ৰী হৈ গৈছে। এতিয়া দীপিকাই শীঘ্ৰে নতুন কাপোৰ বিক্ৰীৰ বাবে আনিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading