কোন কংগ্ৰেছ নেতাৰ সহায়ত মিছ ইউনিভাৰ্ছ হৈছিল সুস্মিতা সেন?

আয়োজকে মোৰ ঠাইত ঐশ্বৰ্য ৰায়ক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ পঠিয়াব বিচাৰিছিল। - সুস্মিতা

news18assam
Updated:June 6, 2019, 10:41 AM IST
কোন কংগ্ৰেছ নেতাৰ সহায়ত মিছ ইউনিভাৰ্ছ হৈছিল সুস্মিতা সেন?
আয়োজকে মোৰ ঠাইত ঐশ্বৰ্য ৰায়ক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ পঠিয়াব বিচাৰিছিল। - সুস্মিতা
news18assam
Updated: June 6, 2019, 10:41 AM IST
বলীউদৰ অভিনেত্ৰী সুস্মিতা সেন মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। কিন্তু আপুনি জানেনে সুস্মিতা সেনৰ এই পথত কিমান প্ৰত্যাহ্বান আছিল। এনেকুৱা সময়ো আহিছিল যে আয়োজকে সুস্মিতাৰ ঠাইত ঐশ্বৰ্য ৰায়ক পঠিওৱাৰ কথাও চিন্তা–চৰ্চা কৰিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুস্মিতা সেনে ক’লে এই কাহিনী। সুস্মিতাই কয় যে এটা সময়ত তেওঁৰ সপোনবোৰ মৰহি যোৱাৰ উপক্ৰম হৈছিল।

ফিলিপাইনছত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোৱাৰ পূৰ্বে সুস্মিতাই হেৰুৱাইছিল পাছপ’ৰ্ট। আচলতে ইভেণ্ট মেনেজাৰ অনুপমা বাৰ্মাৰ হাতৰ পৰা হেৰাইছিল সুস্মিতাৰ পাছপ’ৰ্ট। বাংলাদেশত এক শ্ব’ৰ বাবে বাৰ্মাৰ হাতত আছিল সুস্মিতাৰ পাছপ’ৰ্ট। সুস্মিতা নিশ্চিত আছিল যে বাৰ্মাৰ হাতত পাছপ’ৰ্ট সুৰক্ষিত হৈ থাকিব। কিন্তু সময়ত জানিব পাৰিলে যে অনুপমাই সুস্মিতাৰ পাছপ’ৰ্টখন হেৰুৱাইছিল। পিছত এই ভুল স্বীকাৰো কৰিছিল অনুপমাই।



সুস্মিতাই কয় – ‘পাছপ’ৰ্ট হেৰুওৱাৰ ফলত মই হতাশ হৈ পৰিছিলো। আয়োজকে মোৰ ঠাইত ঐশ্বৰ্য ৰায়ক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতালৈ পঠিয়াব বিচাৰিছিল। মোক কৈছিল যে পাছপ’ৰ্ট ইমান সোনকালে লাভ কৰাটো কঠিন। নৱেম্বৰত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আছে। আপুনি পিছত যাব, তেতিয়ালৈ আমি আপোনাক পাছপ’ৰ্ট বনাই দিম।’ সেই কথা সুস্মিতাই দেউতাকক বিৱৰি কৈছিল। দেউতাকে এইক্ষেত্ৰত একো কৰিব পৰা নাছিল কাৰণ কোনো প্ৰতিষ্ঠিত লোকৰ সৈতে তেওঁৰ সম্পৰ্ক নাছিল। কান্দি কান্দি সুস্মিতাই দেউতাকক কৈছিল – বাবা, মই সঁচাকৈয়ে এই প্ৰতিযোগিতালৈ যোৱাৰ বাবে যোগ্য। সুস্মিতাৰ হতাশগ্ৰস্ততা দেখি দেউতাকে কংগ্ৰেছ নেতা ৰাজেশ পাইলটৰ সৈতে কথা পাতিছিল। ৰাজেশ পাইলটে এইক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল আৰু সুস্মিতাই সঠিক সময়ত লাভ কৰিছিল পাছপ’ৰ্ট। এই ঘটনা ১৯৯৪ চনৰ যেতিয়া সুস্মিতা মিছ ইউনিভাৰ্ছ হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি