অভিনেত্ৰী তাপসী পান্নুৰ গালত সহ–অভিনেত্ৰীয়ে সোধালে ৭টা প্ৰচণ্ড চৰ, কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:February 8, 2020, 11:39 AM IST
অভিনেত্ৰী তাপসী পান্নুৰ গালত সহ–অভিনেত্ৰীয়ে সোধালে ৭টা প্ৰচণ্ড চৰ, কিন্তু কিয়?
Source-Google

ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত সহ-অভিনেত্ৰী পাৱেল গুলাটীয়ে তাপসী পান্নুক সোধালে ৭টা চৰ

  • Share this:
বলীউদৰ ভিতৰৰ কথা। ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেত্ৰী তাপসী পান্নুক ৭টা চৰ সোধালে সহ অভিনেত্ৰীয়ে। অহা ২৮ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব তাপসী পান্নুৰ নতুন ছবি ‘থপ্পৰ’। ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়তে সহ অভিনেত্ৰীয়ে তাপসীৰ গালত সোধাইছিল ৭টা চৰ।

ছবিখনৰ এটা দৃশ্যত তাপসীক সহ অভিনেত্ৰী পাৱেলে এটা চৰ সোধাব লাগে। কিন্তু ছবিখনৰ পৰিচালক অনুভৱ সিনহাই দৃশ্যটো সঠিক ৰূপায়নৰ বাবে বাৰে বাৰে ‘ৰি টেক’ৰ নিৰ্দেশ দিছিল। এনেকৈ ৭টা চৰ মৰাৰ পিছতহে পৰিচালকে পাইছিল বিচৰা শ্ব’টতো। ছবিখনৰ প্ৰচাৰৰ সময়ত এই কথা স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজে।
আৰু চাওক
পৰৱৰ্তী বাতৰি