• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • BYJU' ৰ তৰুণ প্ৰতিভা: তাবলা বিশাৰদ তৃপ্তৰাজ পাণ্ডিয়া আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত স্কেটাৰ তিলক কেইচামে জনালে তেওঁলোকৰ ভৱিষ্যত স্বপ্নৰ কথা

BYJU' ৰ তৰুণ প্ৰতিভা: তাবলা বিশাৰদ তৃপ্তৰাজ পাণ্ডিয়া আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত স্কেটাৰ তিলক কেইচামে জনালে তেওঁলোকৰ ভৱিষ্যত স্বপ্নৰ কথা

Byju's Young Talent: জানক মন ভাললগা কাহিনী।

Byju's Young Talent: জানক মন ভাললগা কাহিনী।

Byju's Young Talent: জানক মন ভাললগা কাহিনী।

  • Share this:
BYJU' ৰ নৱম খণ্ডত দুই কিশোৰ প্ৰতিভা তাবলা বিশাৰদ তৃপ্তৰাজ পাণ্ডিয়া আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত স্কেটাৰ তিলক কেইচামক চিনাকি কৰি দিয়া হয়।


মুম্বাইৰ তাবলা বিশাৰদ ১৩বছৰীয়া তৃপ্তৰাজে

 ২০১৯-২০ বৰ্ষৰ কলা সংস্কৃতি শিতানত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰিছে। অনুষ্ঠান টোৰ প্ৰথমতে তেওঁ লোকৰ পৰিচিতি দিয়া হয়।


তিনি বছৰ বয়সতে তেওঁ All India Radio ত আৰু চাৰিবছৰ বয়সত দূৰদৰ্শনত লাইভ অনুষ্ঠান পৰিবেশন কৰে। ছয় বছৰ বয়সত Guinness Book of World records ৰ পৰা কনিষ্ঠতম তাবলাবাদকৰ চাৰ্টিফিকেট লাভ কৰে। CNN-News18 ৰ আনন্দ নৰসিংহক তেওঁ কয় 'এজন ব্যক্তিৰ বাবে তাবলাৰ জ্ঞান ভালদৰে আয়ত্ব কৰিবলৈ গোটেই জীৱনটোও চুটি হয়।'তেওঁ ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান বোৰত তাবলা বাদক হিচাপে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰাৰ আশা মনত পুহি ৰখা বুলি কয়।


 তাবলা শিক্ষাৰ আৰম্ভণিৰ অভিজ্ঞতা সুৱৰি তৃপ্তৰাজে কয় যে তেওঁৰ ডেৰ বছৰ বয়সত আইতাকে যেতিয়া পাকঘৰ ত কাম কৰি আছিল তেওঁ চুঁচৰি চুঁচৰি আইতাকৰ ওচৰলৈ গৈ বাচন বৰ্তনবোৰ বজাইছিল। সেই শব্দবোৰতে আইতাকে ছন্দ বিচাৰি পোৱাৰ কথা তৃপ্তৰাজৰ পিতৃক কৈছিল। তেওঁ বিশ্বাস কৰে যে আমি জীৱনত কৰা  প্ৰতিটো কৰ্মৰে নিজস্ব একোটা ছন্দ আছে।


অভিনেতা চনু সুদৰ তত্ত্বাৱধানত তাবলা শিক্ষা লোৱা তৃপ্তৰাজে এক সুন্দৰ তাবলাবাদনো অনুষ্ঠানটোত পৰিৱেশন কৰে।


অনুষ্ঠানটোৰ দ্বিতীয় ভাগত স্কেটাৰ তিলক কেইচমৰ পৰিচিতি দিয়া হয়।


১২বছৰীয়া তিলকক ২০ডিচেম্বৰ ২০১৫ চনত  Guinness Book of World records য়ে 'Farthest distance limbo skating under bars' শীৰ্ষক খিতাপ দিয়ে। কিন্তু তেওঁ নিজেই নিজৰ ৰেকৰ্ড ভাঙে ৩১ডিচেম্বৰ ২০১৬ত অবিশ্বাস্য ভাৱে ১৪৫ মিটাৰ দূৰত্ব অতিক্ৰম কৰি। আগৰ ৰেকৰ্ড আছিল ১১৬ মিটাৰৰ। ২০১৯চনৰ নবেম্বৰত Limca Book of records টো 'Longest Slalom Wave' হিচাপে নাম অন্তৰ্ভুক্ত কৰে।


স্কেটিং কৰাৰ সময়ত তেওঁৰ কেনে অনুভৱ হয় বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ CNN-News 18 ক কয় যে ' কাৰত গৈ থকা যেন অনুভৱ কৰে'। অনুষ্ঠানটোত তেওঁ এটা বিশেষ স্কেটিং শ্ব'ও প্ৰদৰ্শন কৰে।


ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে তিলকে কয় যে তেওঁ এজন ভাল নাগৰিক হ'ব খোজে। দেশৰ হৈ শীতকালীন অলিম্পিকত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰাৰো হেঁপাহ আছে তেওঁৰ।


অনুষ্ঠানটোত ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজুৱে এটা ৰেকৰ্ড বাৰ্তাৰ জৰিয়তে তেওঁৰ এই সপোন এদিন সফল হ'ব বুলি কয় আৰু চেষ্টা অব্যাহত ৰাখিবলৈ কয়।

৪ বছৰ বয়সতে স্কেটিং কৰিবলৈ আৰম্ভ কৰা তিলকে 'limbo skating ' আৰু 'slavom wave boarding' তো  পাৰ্গত । এতিয়া তেওঁ  ice skating কৰিবলৈও মনত পুহি ৰাখিছে।
Published by:r saikia
First published: