ডুবাইত শ্বাহৰুখ খানৰ জন্মদিন, বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাত জিলিকিল কিং খানৰ নাম, চাওক VIDEO

এই দৃশ্য বহু লোকে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। শ্বাহৰুখ খানে নিজেও শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।

News18-Assam
Updated:November 3, 2019, 9:27 AM IST
ডুবাইত শ্বাহৰুখ খানৰ জন্মদিন, বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাত জিলিকিল কিং খানৰ নাম, চাওক VIDEO
এই দৃশ্য বহু লোকে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। শ্বাহৰুখ খানে নিজেও শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।
News18-Assam
Updated: November 3, 2019, 9:27 AM IST
শনিবাৰে ৫৪ বছৰীয়া হ’ল বলীউদৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খান। ভাৰতত অনুৰাগীসকলে পালন কৰিলে শ্বাহৰুখৰ জন্মদিন। কিন্তু ডুবাইতো দেখা গ’ল শ্বাহৰুখ খানৰ জনপ্ৰিয়তা। বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাত জিলিকিল শ্বাহৰুখ খানৰ নাম।

শ্বাহৰুখৰ জন্মদিন উপলক্ষে বুৰ্জ খালিফাত দৃষ্টিনন্দন আলোকসজ্জাৰে শ্বাহৰুখ খানলৈ জনোৱা হয় জন্মদিনৰ শুভেচ্ছা। বুৰ্জ খালিফাত জিলিকি উঠিল ‘Happy Birthday to the King of Bollywood Shah Rukh Khan'। বিশ্বৰ সৰ্বোচ্চ অট্টালিকাৰ পৰা প্ৰথমবাৰলৈ কোনো তাৰকাক এইদৰে জনোৱা হয় জন্মদিনৰ শুভেচ্ছা। এই দৃশ্য বহু লোকে শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। শ্বাহৰুখ খানে নিজেও শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি