உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Boycott Kareena Kapoor Khan : ছচিয়েল মিডিয়াত ধুমুহা তুলিছে 'বয়কট কৰিণা কাপুৰ খান' হেছটেগে। সীতাৰ চৰিত্ৰত অভিনয়ৰ বাতৰিয়ে জলাইছে জুই।

    Boycott Kareena Kapoor Khan : ছচিয়েল মিডিয়াত ধুমুহা তুলিছে 'বয়কট কৰিণা কাপুৰ খান' হেছটেগে। সীতাৰ চৰিত্ৰত অভিনয়ৰ বাতৰিয়ে জলাইছে জুই।

    সীতাৰ চৰিত্ৰত অভিনয়ৰ বাবে হেনো কৰিণাই প্ৰযোজকৰ পৰা বিচাৰিছে ১২ কোটি টকাৰ পাৰিশ্ৰমিক।

    সীতাৰ চৰিত্ৰত অভিনয়ৰ বাবে হেনো কৰিণাই প্ৰযোজকৰ পৰা বিচাৰিছে ১২ কোটি টকাৰ পাৰিশ্ৰমিক।

    সীতাৰ চৰিত্ৰত অভিনয়ৰ বাবে হেনো কৰিণাই প্ৰযোজকৰ পৰা বিচাৰিছে ১২ কোটি টকাৰ পাৰিশ্ৰমিক।

    • Share this:
    দ্বিতীয়বাৰ মাতৃ হোৱাৰ পাছত পুনৰ অভিনয় জগতলৈ উভতি আহিব বিচাৰিছে অভিনেত্ৰী কৰিণা কাপুৰ খানে(Kareena Kapoor Khan)। জানিব পৰা মতে মহাকাব্য ৰামায়ণ (Ramayan)ৰ অনুপম চৰিত্ৰ সীতা (Sita)ৰ চৰিত্ৰত কৰিণা কাপুৰ খানে অভিনয় কৰিব। ইমানেই নহয় সীতাৰ চৰিত্ৰত অভিনয়ৰ বাবে হেনো কৰিণাই প্ৰযোজকৰ পৰা বিচাৰিছে ১২ কোটি টকাৰ পাৰিশ্ৰমিক। সাধাৰণতে এখন চিনেমাত ৬ৰ পৰা ৮ কোটি টকা লয় কৰিণা কাপুৰ খানে। সেয়ে সীতাৰ চৰিত্ৰত অভিনয়ৰ বাবে অবিশ্বাস্যভাৱে ১২ কোটি টকা দাবী কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল আৰু লক্ষ্য কৰি লৈছে কৰিণা কপুৰ খানক।



    নেটিজেনসকলৰ অভিযোগ অত্যধিক পাৰিশ্ৰমিক দাবী কৰি কৰিণা কাপুৰ খানে তেওঁলোকৰ ধৰ্মীয় ভাৱাৱেগত আঘাত হানিছে। ইয়াৰ পাছতে হেছটেগ 'বয়কট কৰিণা কাপুৰ খানে' ধুমুহাৰ সৃষ্টি কৰে ছচিয়েল মিডিয়াত। ইয়াৰ মাজতে সীতাৰ চৰিত্ৰৰ বাবে কৰিণা কাপুৰ খান উপযুক্ত নহয় বুলি বাতৰি ওলোৱাত আনন্দও প্ৰকাশ কৰিছে বহুজনে। একাংশই আকৌ সীতাৰ দৰে এটা চৰিত্ৰৰ বাবে কৰিণাক বাছনি কৰা বাবে পৰিচালকজনকো বয়কট কৰিব লাগে বুলি মন্তব্য কৰিছে।



    বহুতেই এই বাতৰিৰ মাজলৈ টানি আনিছে কৰিণাৰ স্বামী ছইফ আলী খানৰ নাম। ৱেৱ ছিৰিজ 'তাণ্ডৱ'ত ছইফ আলী খানে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাট হনাৰ দৰে এইবাৰ কৰিণাইও হিন্দুসকলক আঘাট দিবলৈ সাজু হোৱা বুলিও বহুজনে মন্তব্য কৰে।
    Published by:Manjumoni Borah
    First published: