৫ দিনত SAAHOৰ উপাৰ্জন ৩৫০ কোটি অতিক্ৰম, বক্স অফিচত খলকনি

মঙলবাৰে ছবিখনে উপাৰ্জন কৰে ৮ কোটি টকা। ৫ দিনত ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ১০২ কোটি টকা।

News18-Assam
Updated:September 4, 2019, 12:50 PM IST
৫ দিনত SAAHOৰ উপাৰ্জন ৩৫০ কোটি অতিক্ৰম, বক্স অফিচত খলকনি
মঙলবাৰে ছবিখনে উপাৰ্জন কৰে ৮ কোটি টকা। ৫ দিনত ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ১০২ কোটি টকা।
News18-Assam
Updated: September 4, 2019, 12:50 PM IST
প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি SAAHO–এ খলকনি তুলিছে দেশ–বিদেশত। ৩৫০ কোটি টকাৰে নিৰ্মিত SAAHOৰ হিন্দী ভাৰ্ছনে পঞ্চমটো দিনতে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। ট্ৰেড এনালিষ্ট ৰমেশ বালাই টুইটাৰযোগে কয় – ‘SAAHOৰ হিন্দী ভাৰ্ছনে ভাৰতত ১০০ কোটি উপাৰ্জন কৰিছে।

মঙলবাৰে ছবিখনে উপাৰ্জন কৰে ৮ কোটি টকা। ৫ দিনত ছবিখনৰ মুঠ উপাৰ্জন হৈছেগৈ ১০২ কোটি টকা। বাহুবলী–১ আৰু ২ৰ পিছত SAAHO ১০০ কোটিৰ ক্লাবত অন্তৰ্ভুক্ত হোৱা প্ৰভাসৰ তৃতীয়খন ছবি।


অৱশ্যে পঞ্চম দিনা SAAHOৰ উপাৰ্জন প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছে। ছবিখনে শুকুৰবাৰে ২৪.৪০ কোটি, শনিবাৰে ২৫.২০ কোটি, দেওবাৰে ২৯.৪৮ কোটি আৰু সোমবাৰে ১৪.২০ কোটি টকা উপাৰ্জন কৰে।

ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খলকনি তুলিছে SAAHO ছবিখনে। ৫ দিনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত SAAHO–এ উপাৰ্জন কৰিছে ৩৫০ কোটি টকা। ইউ ভি ক্ৰিয়েশ্যনে ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কালেকশ্যন প্ৰকাশ কৰিছে।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি