প্ৰাঞ্জনা দত্তৰ সৈতে চুক্তি বাতিল হোৱাৰ পিছত বৰদৈচিলাৰ থিয়েটাৰত চুক্তিবদ্ধ হ’ল এইগৰাকী অভিনেত্ৰী

আগন্তুক নাট্যবৰ্ষৰ বাবে ক্ৰমাৎ সাজু হৈছে প্ৰতিটো ভ্ৰাম্যমাণ নাট্যদল

News18-Assam
Updated:July 1, 2019, 1:12 PM IST
প্ৰাঞ্জনা দত্তৰ সৈতে চুক্তি বাতিল হোৱাৰ পিছত বৰদৈচিলাৰ থিয়েটাৰত চুক্তিবদ্ধ হ’ল এইগৰাকী অভিনেত্ৰী
আগন্তুক নাট্যবৰ্ষৰ বাবে ক্ৰমাৎ সাজু হৈছে প্ৰতিটো ভ্ৰাম্যমাণ নাট্যদল
News18-Assam
Updated: July 1, 2019, 1:12 PM IST
বৰদৈচিলা থিয়েটাৰৰ পৰা হঠাৎ চুক্তি বাতিল কৰা হৈছিল অভিনেত্ৰী প্ৰাঞ্জনা দত্তক। তাৰ পিছতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল বৰদৈচিলা থিয়েটাৰ। প্ৰাঞ্জনা দত্তই সংবাদমেল আয়োজন কৰি ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ বহু ভিতৰুৱা কথা। বৰদৈচিলা থিয়েটাৰৰ সৈতে প্ৰথম অৱস্থাত চুক্তিবদ্ধ হৈ নাটকৰ স্ক্ৰিপ্ট বিচৰাৰ বাবে নাট্যগোষ্ঠীটোৱে অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ সৈতে থকা চুক্তি বাতিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে।  কথা ৰাজহুৱা কৰি সংবাদমেলত উচুপি উঠিছিল অভিনেত্ৰীগৰাকীয়ে।

সংবাদমেলত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই প্ৰত্যক্ষ ভাবে আক্ৰমণ কৰিছিল নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক। এনে ধৰণৰ বিতৰ্কই বৰদৈচিলা থিয়েটাৰক আৱৰি ধৰাৰ সময়তে নাট্যদলটোত আগন্তুক নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

আগন্তুক নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰত বিশিষ্ট অভিনেতা মৃদুল ভূঞাৰ বিপৰীতে দেখা যাব ইতিমধ্যে সৰু পৰ্দাত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেত্ৰী কল্পনা কলিতাক । লগতে থাকিব  ভ্ৰাম্যমাণৰ মোহময়ী অভিনেত্ৰী অলিম্পিকা ভূঞা।



২০১৯–২০ নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰে মঞ্চস্থ কৰিব নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ তিনিখন ভিন্ন ৰসৰ নাটক ক্ৰমে মৰমৰ বান্ধৱী বিদায় দিয়া, মহিয়সী আৰু মনে বিচৰা মৰম

আৰু চাওক পৰৱৰ্তী বাতৰি