உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • মুক্তিৰ পূৰ্বেই বিতৰ্কত সাঙোৰ খাইছে ‘CHHAPAAK’ , আদালতৰ মজিয়া পালেগৈ  দীপিকা পাডুকণ অভিনীত ছবিখন

    মুক্তিৰ পূৰ্বেই বিতৰ্কত সাঙোৰ খাইছে ‘CHHAPAAK’ , আদালতৰ মজিয়া পালেগৈ  দীপিকা পাডুকণ অভিনীত ছবিখন

    মুক্তিৰ অপেক্ষাত থকা ছবি ‘CHHAPAAK’, এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালৰ জীৱনৰ আধাৰত নিৰ্মিত।

    মুক্তিৰ অপেক্ষাত থকা ছবি ‘CHHAPAAK’, এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালৰ জীৱনৰ আধাৰত নিৰ্মিত।

    মুক্তিৰ অপেক্ষাত থকা ছবি ‘CHHAPAAK’, এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালৰ জীৱনৰ আধাৰত নিৰ্মিত।

    • Share this:
    মুক্তিৰ অপেক্ষাত থকা ছবি ‘CHHAPAAK’, এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালৰ জীৱনৰ আধাৰত নিৰ্মিত। অহা ১০ জানুৱাৰীত ছবিগৃহলৈ আহিব ছবিখন।ছবিখনত লক্ষ্মী আগৰৱালৰ চৰিত্ৰত অভিনয় কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণ।

    অভিনেত্ৰী দীপিকা পাডুকণৰ লগতে ছবিখনৰ কলা কৌশলীসকল এতিয়া ছবিখনৰ প্ৰচাৰত ব্যস্ত। কিন্তু মুক্তিৰ পূৰ্বেই এতিয়া বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ছবিখন। ছবিখনৰ কাহিনী চুৰি কৰা হৈছে বুলি দাবী কৰিছে এগৰাকী লেখকে। লেখকজন এতিয়া ছবিখনৰ নিৰ্মাতাৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হৈছে।



    ৰাকেশ ভাৰতী নামৰ লেখক জনৰ অভিযোগ অনুসৰি ছবিখনৰ কাহিনীভাগ তেওঁৰ। কিন্তু ছবিখনৰ নিৰ্মাতাই তেওঁৰ নাম ক’তো উল্লেখ নকৰিলে। ৰাকেশে কয় যে, ছবিখনৰ কাহিনীৰ ধাৰণা তেওঁৰ আছিল। আৰু এই কাহিনী তেওঁ ‘ব্লেক ডে’ নামৰ ছবিখনৰ বাবে লিখিছিল। ছবিখনৰ বাবে কাহিনী তেওঁ ‘Indian Motion Picture Association’ ত ২০১৫ চনতে পঞ্জীয়ন কৰিছিল।


    Published by:Himangshu Bhuyan
    First published: