உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Bollywoodৰ অভিনেত্ৰী জয়া প্ৰদাই চলন্ত ৰেলত গা ধুব লগা হৈছিল, কিয়নো চলচ্চিত্ৰ পৰিচালকে হেৰুৱাব বিচৰা নাছিল এই দৃশ্য !

    Bollywoodৰ অভিনেত্ৰী জয়া প্ৰদাই চলন্ত ৰেলত গা ধুব লগা হৈছিল, কিয়নো চলচ্চিত্ৰ পৰিচালকে হেৰুৱাব বিচৰা নাছিল এই দৃশ্য !

    photo-retrobollywood/Instagram

    photo-retrobollywood/Instagram

    জয়া প্ৰদাই ফিল্মফেয়াৰক এটা সাক্ষাৎকাৰত কৈছিল যে 'এবাৰ মই ৰে'লত গা ধুব লগা হৈছিল। কাৰণ আমি Locationত উপস্থিত হোৱাৰ লগে লগে দৃশ্যগ্ৰহণ কৰিব লগা হৈছিল।'

    • Share this:
    যেতিয়া জয়া প্ৰদাই হিন্দী চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিছিল, সেই যুগৰ বিখ্যাত অভিনেত্ৰী যেনে পাৰবীন বিবি, ৰাখী, জিনত আমনৰ যাদু হ্ৰাস হ'বলৈ আৰম্ভ কৰিছিল। ১৯৭৯ চনত চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক কে বিশ্বনাথে জয়া প্ৰদাক লৈ 'সৰগম' বোলছবিখন নিৰ্মাণ কৰে। চলচ্চিত্ৰখন যথেষ্ট সফল হৈছিল আৰু জয়া ৰাতিটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল।

    জয়াই তেওঁৰ চলচ্চিত্ৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। তেওঁ কোনো পৰিস্থিতিত বিচলিত হোৱা নাছিল। সেই দিনবোৰত আজিৰ দৰে কোনো সুবিধা আৰু প্ৰযুক্তি নাছিল সেয়েহে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত অৱস্থান আৰু সময়ৰ যত্ন ল'ব লগা হৈছিল। অভিনেত্ৰীগৰাকীয়েও বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। জয়া প্ৰদাই বহুতো হিট দিছে, যাৰ ভিতৰত আছে 'ডাফ্লিৱালে'। 'ডাফলিবালে ডাফলি বাজা' চলচ্চিত্ৰখনৰ গানটো...' জয়া প্ৰদা আৰু ঋষি কাপুৰৰ যুটিটোৱে পৰ্দাত খলকনিৰ সৃষ্টি কৰিছিল।

    জয়া প্ৰদাই ফিল্মফেয়াৰক এটা সাক্ষাৎকাৰত কৈছিল যে 'এবাৰ মই ৰে'লত গা ধুব লগা হৈছিল। কাৰণ আমি Locationত উপস্থিত হোৱাৰ লগে লগে দৃশ্যগ্ৰহণ কৰিব লগা হৈছিল। পৰিচালকজনে ৰাতিপুৱা প্ৰথম পোহৰত দৃশ্যটো চিত্ৰগ্ৰহণ কৰিব বিচাৰিছিল। মই চব্বিশ ঘণ্টা কাম কৰি আছিলো। মই মোৰ নিজৰ মেকআপ কৰিবলৈ শিকিছিলো। চলচ্চিত্ৰখনৰ চাহিদা অনুসৰি, আমি এটা স্থানৰ পৰা আন এটা স্থানলৈ যাব লগা হৈছিল। আমি কেনে কেনে পৰিস্থিতিত যে দৃশ্যগ্ৰহণ কৰিছিলো। '
    Published by:Kokil Sarma
    First published: