৭ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ কিমান উপাৰ্জন?

বিবেক অৱেৰয়ৰ ছবি ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’ৰ ৭ দিনত বক্স অফিচত হ’ল ইমানখিনি উপাৰ্জন

Dulu Medhi | news18assam
Updated:June 1, 2019, 5:05 PM IST
৭ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ কিমান উপাৰ্জন?
বিবেক অৱেৰয়ৰ ছবি ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’ৰ ৭ দিনত বক্স অফিচত হ’ল ইমানখিনি উপাৰ্জন
Dulu Medhi | news18assam
Updated: June 1, 2019, 5:05 PM IST
সমালোচনা–বিবাদৰ দুৱাৰ ভাঙি ২৪ মে’ত মুক্তি পালে বিবেক অৱেৰয়ৰ অভিনীত ছবি ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’। মুক্তি পোৱাৰ লগে লগে যথেষ্ট আলোচনাৰ মাজত সোমাই পৰিছিল ছবিখন। বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ জয়ৰ পিছতে ৰিলীজ হৈছিল ছবিখন। প্রধানমন্ত্ৰীৰ বিজয়ৰ পিছত এইটোৱে সম্ভাৱনা আছিল যে তেওঁৰ বায়’পিকে বলীউডত তীব্ৰ জোঁকাৰনিৰ সৃষ্টি কৰিব। বিবেক অৱেৰয়ে ছবিখনৰ প্ৰম’ছনৰ বাবে দিন–ৰাতি একাকাৰ কৰিছিল। ২৪ মে’ত মুক্তি পোৱা এই ছবিখনৰ ৭ দিনৰ উপাৰ্জন এনেধৰণৰ।

কিছুদিন পূৰ্বে ট্ৰেণ্ড এক্সপাৰ্ট তৰণ আদৰ্শে এই ছবিখনৰ সংযুক্ত তথ্য শ্বেয়াৰ কৰিছে। তথ্য অনুসৰি ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীপ বায়’পিকে ৭ দিনত প্ৰায় ১৯.২১ কোটি টকা উপাৰ্জন কৰিছে। তৰণ আদৰ্শৰ তথ্য অনুসৰি ছবিখনে প্ৰথম দিনটোত ২.৮৮ কোটি, দ্বিতীয় দিনত ৩.৭৬ কোটি, তৃতীয় দিনত ৫.১২ কোটি, চতুৰ্থ দিনত ২.৪১ কোটি, পঞ্চম দিনত ২.০২, ষষ্ঠ দিনত ১.৭১ কোটি আৰু সপ্তম দিনত ১.৩১ কোটি টকাৰ উপাৰ্জন কৰে। সৰ্বমুঠ ছবিখনে ১৯.২১ কোটি টকা উপাৰ্জন কৰিছে।



যদিও ছবিখনক লৈ নিৰ্মাতা আৰু অনুৰাগীৰ যথেষ্ট আশা আছিল। লগতে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অহা সপ্তাহত এই ছবিখনৰ সৈতে যুঁজ দিবলৈ আহি আছে ছলমান খানৰ ‘ভাৰত’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিক সমগ্ৰ ভাৰতৰ ১২০০টা চিনেমা হলত মুক্তি হৈছিল।



এই ছবিখনত নৰেন্দ্ৰ মোদীৰ ভূমিকা পালন কৰিছিল বিবেক অৱেৰয়ে। প্ৰধানমন্ত্ৰীৰ শৈশৱৰ পৰা আৰম্ভ কৰি চাহ বিক্ৰী কৰা আৰু প্ৰধানমন্ত্ৰী হোৱালৈ দেখুওৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি