ঐশ্বৰ্যক লৈ বিতৰ্কিত টুইট কৰি অৱশেষ ক্ষমা খুজিলে বিবেক অবেৰয়ে

এতিয়া নিজৰ ভুল উপলব্ধি কৰিছে বিবেকে। সেয়েহে ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিলে অভিনেতাগৰাকীয়ে।

news18assam
Updated:May 21, 2019, 11:28 AM IST
ঐশ্বৰ্যক লৈ বিতৰ্কিত টুইট কৰি অৱশেষ ক্ষমা খুজিলে বিবেক অবেৰয়ে
এতিয়া নিজৰ ভুল উপলব্ধি কৰিছে বিবেকে। সেয়েহে ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিলে অভিনেতাগৰাকীয়ে।
news18assam
Updated: May 21, 2019, 11:28 AM IST
ঐশ্বৰ্য ৰায়ক লৈ বিতৰ্কিত টুইট কৰি অৱশেষত ক্ষমা বিচাৰিলে বিবেক অবেৰয়ে। প্ৰকৃততে, এক্সিট পোলৰ পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ‘মীম’, যিটো বিবেক অবৰয়ে শ্বেয়াৰ কৰিছিল নিজৰ টুইটাৰ একাউণ্টত। এই ‘মীম’টোত আছিল তিনিখন ফটো। এখন ফটোত ঐশ্বৰ্য ৰায়ক ছলমান খানৰ সৈতে দেখা গৈছে, এখনত বিবেক অবেৰয়ৰ সৈতে আৰু তৃতীয়খনত অভিষেক আৰু কন্যা আৰাধ্যাৰ সৈতে।

ছলমান খান থকা ফটোখনত ‘OPINION POLL’, বিবেক থকা ফটোখনত 'EXIT POLL' আৰু অভিষেক থকা ফটোখনত ‘RESULT’ লিখা আছে। এই ফটোখন বিবেকে ধেমালিতে শ্বেয়াৰ কৰিছিল যদিও ছচিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰ সন্মুখীন হয়।



এয়া এগৰাকী নাৰীৰ প্ৰতি অপমানজনক বুলি কোৱা হৈছে। প্ৰথমে বিবেক অবেৰয়ে নিজকে বচাবলৈ কৈছিল যে ইয়াৰ দ্বাৰা কাৰোৱাৰ অন্তৰত আঘাত দিব বুলি তেওঁ নাভাৱে। তেওঁ যেতিয়া কোনো ভুল কৰাই নাই ক্ষমাৰ কিহৰ বাবে খুজিব লাগে। কিন্তু এতিয়া নিজৰ ভুল উপলব্ধি কৰিছে বিবেকে। সেয়েহে ছচিয়েল মিডিয়াযোগে ক্ষমা বিচাৰিলে অভিনেতাগৰাকীয়ে।

পূৰ্বেও বিবেক অবেৰয়ে আজৱ ধৰণেৰে কটাক্ষ কৰিছিল অভিনেত্ৰী ছোনম কাপুৰক। ছোনম কাপুৰে বিবেক অবেৰয়ৰ টুইটক অভৱ্য বুলি মন্তব্য কৰিছিল। তাৰ প্ৰত্যুত্তৰ হিচাপে বিবেকে ছোনমক চিনেমাত ‘অভাৰ এক্ট’ আৰু ছচিয়েল মিডিয়াত ‘অভাৰ ৰিয়েক্ট’ নকৰিবলৈ কৈছিল। বিবেকে কৈছিল যে মই বিগত ১০ বছৰ ধৰি মহিলা সবলীকৰণৰ বাবে কাম কৰি আছো। ইয়াৰ দ্বাৰা কাৰোবাৰ অন্তৰত আঘাত কৰিব বুলি মই নাভাৱো।
আৰু চাওক পৰৱৰ্তী বাতৰি