অডিচনত ৰেপ চিনত অভিনয় কৰিবলৈ দিয়া হৈছিল এইগৰাকী অভিনেত্ৰীক

News18-Assam
Updated:November 14, 2019, 5:47 PM IST
অডিচনত ৰেপ চিনত অভিনয় কৰিবলৈ দিয়া হৈছিল এইগৰাকী অভিনেত্ৰীক
Source-Google

বিগত বছৰত Metoo ক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল বলীউদ। পোহৰলৈ আহিছিল গ্লেমাৰ জগতৰ বহু অলিখিত পৃষ্ঠা।

  • Share this:
বিগত বছৰত Metoo ক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল বলীউদ। পোহৰলৈ আহিছিল গ্লেমাৰ জগতৰ বহু অলিখিত পৃষ্ঠা। কিন্তু এইবাৰ পোহৰলৈ আহিছে ৰঙীণ বলীউদৰ ভিতৰৰ অন্য এক কলংকিত কাহিনী। এগৰাকী অভিনেত্ৰীয়ে পোহৰলৈ আনিছে সমগ্ৰ ঘটনা।  ‘ওজড়া চমন’ নামৰ বলীউদৰ ছবিখনৰ অভিনেত্ৰী মানৱী গুগৰুে কৰিছে বিশেষ মন্তব্য। মানৱীয়ে এক বিশেষ সাক্ষাৎকাৰত কয় যে, অডিচনৰ সময়ত তেওঁক বহু আপত্তিজনক অভিনয় কৰি দেখুৱাবলৈ দিছিল ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে।

মানৱীয়ে ‘ওজড়া চমন’ ছবিখনত ছানী সিঙৰ বিপৰীতে অভিনয় কৰিছিল। ইয়াৰ উপৰিও দুখন ৱেব চিৰিজতো অভিনয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। ওজড়া চমন ছবিখনত অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে অডিচনতো ভাগ ল’বলগীয়া হৈছিল। অডিচনত অভিনেত্ৰীগৰাকীক দুজন ল’ৰাৰ সৈতে আপত্তিজনক চিনত অভিনয় কৰিবলৈ দিয়াৰ লগতে এটা ৰেপ চিনতো অভিনয় কৰিবলৈ কোৱা হৈছিল। ফলত যথেষ্ট অস্বস্তিত পৰিবলগীয়া হৈছিল ৃঅভিনেত্ৰীগৰাকী।



আৰু চাওক
পৰৱৰ্তী বাতৰি