নিজ ঘৰতে উদ্ধাৰ টিভি তাৰকা তথা চেলিব্ৰিটী চেফ জগী জনৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:December 24, 2019, 6:14 PM IST
নিজ ঘৰতে উদ্ধাৰ টিভি তাৰকা তথা চেলিব্ৰিটী চেফ জগী জনৰ মৃতদেহ
Photo : Instagram

নিজৰ ফ্লেটৰ পাকঘৰত উদ্ধাৰ হয় জগীৰ মৃতদেহ। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মৃত্যুৰ কাৰণ এইপৰ্যন্ত উদ্ঘাটন হোৱা নাই।

  • Share this:
নিজৰ ঘৰতে উদ্ধাৰ হ’ল টিভি তাৰকা তথা চেলিব্ৰিটী চেফ জগী জনৰ মৃতদেহ। কেৰালাৰ কুৰৱনকোনমস্থিত এটা ফ্লেটত মাতৃৰ সৈতে বাস কৰিছিল জগী। আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, নিজৰ ফ্লেটৰ পাকঘৰত উদ্ধাৰ হয় জগীৰ মৃতদেহ। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মৃত্যুৰ কাৰণ এইপৰ্যন্ত উদ্ঘাটন হোৱা নাই।

কোৱা হৈছে যে, যি সময়ত জগীৰ মৃতদেহ উদ্ধাৰ হৈছিল, সেই সময়ত ঘৰতে আছিল মাতৃ। অৱশ্যে কন্যাৰ মৃত্যুত ভাগি পৰা মাতৃ আৰক্ষীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মানসিকভাৱে প্ৰস্তুত নহয়। প্ৰতিবেশীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে জগীৰ মৃতদেহ। কাৰণ দীৰ্ঘ সময় ধৰি জগীয়ে ফোন ৰিচিভ নকৰাত প্ৰতিবেশীক চাবলৈ দিছিল জগীৰ বন্ধুৱে।

তাৰ পিছতে প্ৰতিবেশীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰায়। উল্লেখযোগ্য যে টিভি চেনেল ৰোজবাউলত ‘জগীজ কুকবুক’ নামৰ এটা শ্ব’ কৰিছিল আৰু বিউটী তথা পাৰ্ছনেলিটী শ্ব’ত বিচাৰক হিচাপে দেখা গৈছিল। লগতে জগী এগৰাকী জনপ্ৰিয় হোষ্ট, গায়িকা, মডেল, অনুপ্ৰেৰণামূলক বক্তা আছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি