Bollywood Trivia: যেতিয়া প্ৰচণ্ড খঙত অমিতাভ বচ্চনৰ সন্মুখতে জয়াই ৰেখাক শোধাইছিল চৰ! জানেনে এই কাহিনী

News18 Assam | News18-Assam
Updated:April 6, 2021, 1:05 PM IST
Bollywood Trivia: যেতিয়া প্ৰচণ্ড খঙত অমিতাভ বচ্চনৰ সন্মুখতে জয়াই ৰেখাক শোধাইছিল চৰ! জানেনে এই কাহিনী
অমিতাভ বচ্চনে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱালৈকো এক মুহূৰ্তৰ বাবেও অপেক্ষা কৰা নাছিল।

অমিতাভ বচ্চনে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱালৈকো এক মুহূৰ্তৰ বাবেও অপেক্ষা কৰা নাছিল।

  • Share this:
বিগ বি অমিতাভ বচ্চন (Big B Amitabh Bachchan) আৰু ৰেখা (Rekha)ৰ মধুৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সকলোৱে অৱগত আৰু সেই সময়চোৱা কাৰ মনত নাই? উৰাবাতৰি অনুসৰি, দুয়োজনে এক নিখুঁত দম্পতী হোৱাৰ যোগ্য আছিল আৰু বহুতো অনুৰাগীয়ে আনকি তেওঁলোকৰ বিয়া হোৱাটো বিচাৰিছিল। অৱশ্যে, বিগ বি ইতিমধ্যে জয়া বচ্চনৰ (Jaya Bachchan) সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

ৰেখাক অমিতাভৰ পৰা আঁতৰাই ৰাখিবলৈ জয়া বচ্চনক তেতিয়া যথেষ্ট চেষ্টা কৰিছিল। ৰেখাৰ সৈতে তেওঁৰ স্বামী অমিতাভৰ প্ৰেমৰ সম্পৰ্ক চম্ভালিবলৈ তেখেতৰ যথেষ্ট ধৈৰ্য্য আছে বুলি কোৱা হৈছিল। তেখেতে কেতিয়াও এই বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যম বা বন্ধুবৰ্গৰ সন্মুখত অভিযোগ কৰা নাছিল বা দুৰ্বল হৈ পৰা নাছিল। অমিতাভ বচ্চনেও কেতিয়াও এই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই। অৱশ্যে, এটা সময়ত জয়া বচ্চনেও ধৈৰ্য্য হেৰুৱাইছিল আৰু সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰত অনুভৱ কৰিছিল।

অমিতাভ বচ্চন আৰু ৰেখা প্ৰযোজক টিটো টনি (Tito Tony)ৰ ‘ৰাম বলৰাম’ (Ram Balram)ত অভিনয় কৰাৰ কথা আছিল। জয়া বচ্চন ইয়াক লৈ সুখী নাছিল আৰু বলীউডত তেখেতৰ কিছু ভাল সম্পৰ্ক আছিল। তেখেতে প্ৰযোজক টিটো টনিক অমিতাভ বচ্চনৰ বিপৰীতে ছবিখনৰ বাবে জিনত আমান (Zeenat Aman)ক কাষ্ট (cast) কৰিবলৈ পৰামৰ্শ দিছিল। অৱশ্যে, ৰেখাই তেখেতক সলনি কৰাৰ বিষয়ে গম পালে আৰু এইটো সহ্য কৰিব নোৱাৰিলে।

তেখেতে জানিছিল যে প্ৰযোজক টিটো টনিয়ে সহায় নকৰে আৰু সেয়েহে, ৰেখাই তেওঁক সৈমান কৰিবলৈ পোনপটীয়াকৈ পৰিচালক বিজয় আনন্দৰ ওচৰলৈ গৈছিল। সেই সময়ত ৰেখাৰ যথেষ্ট জনপ্ৰিয়তা আছিল আৰু সেয়ে ৰেখাই পোনপটীয়াকৈ নিৰ্দেশকৰ ওচৰত কাম বিচাৰিছিল আনহাতে নিৰ্দেশকেও এই অনুৰোধ নাকচ কৰিব পৰা নাছিল। অৱশ্যে, তেওঁ ৰেখাক প্ৰযোজক টিটো টনিক সৈমান কৰিবলৈ কৈছিল।

ৰেখাই প্ৰযোজকজনক এটা আশ্চৰ্যকৰ প্ৰস্তাৱ দিছিল. যে তেওঁ বিনামূলীয়াকৈ ছবিখন কৰিব আৰু প্ৰযোজকে ইয়াত সন্মত নহৈ নোৱাৰিলে। সেয়েহে, শ্বুটিং আৰম্ভ হৈছিল, ধৰ্মেন্দ্ৰৰ বিপৰীতে জিনত আমানৰ যুটি আছিল, আনহাতে ৰেখাক অমিতাভৰ বিপৰীতে তেখেতে বিচৰা ধৰণে কাষ্ট কৰা হৈছিল। জয়া বচ্চনৰ স্পষ্টতঃ বহুত খং উঠিছিল আৰু বিগ বিক চিনেমাখন প্ৰত্যাখ্যান কৰিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু প্ৰতিবেদন অনুসৰি, তেওঁ একো নকৰিলে।

ইয়াৰ পিছত, জয়া বচ্চনে এবাৰ ছেটলৈ গৈছিল আৰু ৰেখা আৰু অমিতাভ বচ্চনক ব্যক্তিগতভাৱে কথা পাতি থকা দেখিছিল। তেখেতে খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি দুয়োজনৰ সন্মুখলৈ গৈ ৰেখাক চৰ শোধাইছিল। ছবিখনৰ গোটেই কলাকুশলী আৰু কৰ্মচাৰীসকলে এইটো দেখি আচৰিত হৈছিল আৰু অমিতাভ বচ্চনে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱালৈকো এক মুহূৰ্তৰ বাবেও অপেক্ষা কৰা নাছিল।
First published: April 6, 2021, 1:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি