• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দিশা পাটানীৰ সৈতে একেখন CARত আছিল টাইগাৰ শ্ৰফ ! বান্দ্ৰাত মুম্বাই আৰক্ষীয়ে গাড়ী ৰখোৱাৰ পিছত কি হ'ল ?

দিশা পাটানীৰ সৈতে একেখন CARত আছিল টাইগাৰ শ্ৰফ ! বান্দ্ৰাত মুম্বাই আৰক্ষীয়ে গাড়ী ৰখোৱাৰ পিছত কি হ'ল ?

বান্দ্ৰা বেণ্ডষ্টেণ্ডৰ চাৰিওফালে একেখনে গাড়ীতে ফুৰি আছিল দিশা পাটানী আৰু টাইগাৰ শ্ৰফ।

বান্দ্ৰা বেণ্ডষ্টেণ্ডৰ চাৰিওফালে একেখনে গাড়ীতে ফুৰি আছিল দিশা পাটানী আৰু টাইগাৰ শ্ৰফ।

বান্দ্ৰা বেণ্ডষ্টেণ্ডৰ চাৰিওফালে একেখনে গাড়ীতে ফুৰি আছিল দিশা পাটানী আৰু টাইগাৰ শ্ৰফ।

  • Share this:
বলীউড অভিনেতা টাইগাৰ শ্ৰফক (Tiger Shroff) আকৌ এবাৰ মুম্বাইৰ ৰাজপথত দেখা গ'ল তেওঁৰ প্ৰেমিকা দিশা পাটানী (Disha Patani)ৰ সৈতে, কিন্তু প্ৰেমিকাৰ সৈতে ঘূৰি থাকোতেই টাইগাৰৰ গাড়ী ৰখালে মুম্বাই আৰক্ষীয়ে। দ্য টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, দিশা আৰু টাইগাৰে মঙলবাৰে সন্ধিয়া জিমৰ পৰা উভতি অহাৰ পিছত একেখন গাড়ীতে মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ডৰ চাৰিওফালে ঘূৰি ফুৰিছিল আৰু দ্বিতীয় ৰাউণ্ডৰ সময়তে মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ গাড়ীখন ৰখাইছিল। সেই সময়ত টাইগাৰ শ্ৰফ গাড়ীৰ পিছফালে আছিল, আৰু দিশা পাটানী সন্মুখত বহি আছিল। আৰক্ষীয়ে তেওঁলোকৰ আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ লগতে অন্যান্য আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত এৰি দিছিল গাড়ীখন।

উল্লেখ্য যে, দিশা পাটানীক শেহতীয়াভাৱে চলমান খানৰ সৈতে 'ৰাধে' ছবিত দেখা গৈছিল। দিশা পাটানীয়ে এতিয়ালৈকে ৬ খন হিন্দী ছবিত অভিনয় কৰিছে, এম এছ ধোনীঃ দ্য আনট'ল্ড ষ্টৰী (২০১৬), বাগী ২ (২০১৮), ভাৰত (২০১৯), মলং (২০২০), বাগী ৩ (২০২০) আৰু ৰাধে (২০২১), এই ৬খন চলচ্চিত্ৰৰ জৰিয়তে তেওঁ বলীউডত এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে অৱশ্যে এনে প্ৰভাৱ বিস্তাৰৰ বাবে বহু অভিনেত্ৰীক প্ৰয়োজন হৈছিল দীঘলীয়া সময়ৰ। পাটানীক ৰাধেত চলমান খানৰ বিপৰীতে দেখা গৈছিল। দুয়োৰে বয়সৰ মাজত ব্যৱধান আছে যদিও ছবিখনত তেওঁলোকৰ যুটি আছিল অনন্য।

আনহাতে যেতিয়া টাইগাৰ শ্ৰফৰ কথা আহে, বৰ্তমান তেওঁৰ আটাইতকৈ প্ৰতীক্ষিত ছবি 'হিৰোপান্তি ২' (Heropanti 2) ৰ বাবে সাজু হৈ আছে। খবৰ অনুসৰি, টাইগাৰৰ উপৰিও নাৱাজুদ্দিন চিদ্দিকীকো দেখা যাব এই ছবিখনত। ছবিখনত খলনায়কৰ এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে নাৱাজুদ্দিন চিদ্দিকীয়ে। টাইগাৰ শ্ৰফ আৰু নাৱাজুদ্দিন চিদ্দিকী দুয়ো পূৰ্বেও একেলগে কাম কৰিছিল। দুয়োজনে 'মুন্না মাইকেল' নামৰ ছবিখনত একেলগে অভিনয় কৰিছিল। 'হিৰোপান্তি ২' (Heropanti 2) চলচ্চিত্ৰখনৰ ঘোষণাৰ পিছত অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
Published by:Kokil Sarma
First published: