অভিনেত্ৰী তাপসী পন্নুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি লাভলীনা বৰগোহাঁইলৈ জনাইছে শুভকামনা।
অভিনেত্ৰী তাপসী পন্নুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি লাভলীনা বৰগোহাঁইলৈ জনাইছে শুভকামনা।
টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা। টকিঅ’ অলিম্পিক (Tokyo 2020)ত ভাৰতৰ হৈ বক্সিঙত কেৱল লাভলীনাই দখল কৰিবলৈ সক্ষম হ’ল পদক। ইয়াৰ মাজতে বলীউদৰ পৰাও লাভলীনালৈ আহিছে শুভেচ্ছা। অভিনেত্ৰী তাপসী পন্নুৱে (Taapsee Pannu) শুভেচ্ছা জনালে লাভলীনাক।
অভিনেত্ৰী তাপসী পন্নুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি লাভলীনা বৰগোহাঁইলৈ জনাইছে শুভকামনা। তাপসীয়ে লিখিছে, ‘৩টা পদক ৩ মহিলা। লাভলীনা বৰগোহাঁই তুমি এগৰাকী তাৰকা আৰু বহুত আক্ৰামক।’ ইয়াৰ পূৰ্বে তাপসীয়ে অলিম্পিকত মেডেল লাভ কৰা মীৰাবাই চানুক শুভেচ্ছা জনাইছিল।
টকিঅ’ অলিম্পিকত ভাৰতৰ এয়া তৃতীয়টো পদক। ইয়াৰ পূৰ্বে ভাৰোত্তোলনত মীৰাবাই চানুৱে ৰূপৰ পদক দখল কৰাৰ লগতে বেডমিণ্টনত পি ভি সিন্ধুৱে লাভ কৰে ব্ৰঞ্জৰ পদক। ছেমি ফাইনেলত লাভলীনাই বিশ্ব চেম্পিয়ন তুৰস্কৰ বুছেনাজৰ হাতত পৰাজিত হ’বলগীয়া হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|