১৫ বছৰ ধৰি শ্বাহৰুখ খানলৈ অপেক্ষা কৰি আছে এইগৰকী অভিনেত্ৰীয়ে

১৫ বছৰৰ আগতে মুক্তি পোৱা ম্যে হ্যো না ছবিখনৰ ছিকুৱেল নিৰ্মাণকলৈ চলি আছে চৰ্চা। অভিনেত্ৰী গৰাকীয়ে এতিয়া কেৱল শ্বাহৰুখ খানৰ সন্মতিৰ বাবে কৰিছে আপেক্ষা

news18assam
Updated:June 5, 2019, 4:52 PM IST
১৫ বছৰ ধৰি শ্বাহৰুখ খানলৈ অপেক্ষা কৰি আছে এইগৰকী অভিনেত্ৰীয়ে
১৫ বছৰৰ আগতে মুক্তি পোৱা ম্যে হ্যো না ছবিখনৰ ছিকুৱেল নিৰ্মাণকলৈ চলি আছে চৰ্চা। অভিনেত্ৰী গৰাকীয়ে এতিয়া কেৱল শ্বাহৰুখ খানৰ সন্মতিৰ বাবে কৰিছে আপেক্ষা
news18assam
Updated: June 5, 2019, 4:52 PM IST
বহুদিন ধৰি চিনেমাৰ পৰা আতৰি আছে অভিনেত্ৰী সুস্মিতা সেন। শেষবাৰৰ কাৰণে অনিল কাপুৰৰ গৃহ প্ৰডাকচনৰ ছবি নৌ প্ৰব্লেম ছবিখনত অভিনয় কৰিছিল অভিনেত্ৰী সুস্মিতা সেনে। এতিয়া এখন ডাঙৰ ছবিৰ বাবে অপেক্ষা কৰি আছে সুস্মিতা সেনে। সুস্মিতা সেনে কয় যে ফাৰাহ খানে পৰিচালনা কৰা ২০০৪ চনৰ ছুপাৰ হিট ছবি ম্যে হ্যো নাৰ ছিকুৱেল নিৰ্মাণ কৰিবলৈ এতিয়া অভিনেত্ৰী গৰাকীয়ে প্ৰস্তাৱ দিছে অভিনেতা শ্বাহৰুখ খানক।



সুস্মিতাৰ মতে ম্যে হ্যোঁ না ছবিখনত শ্বাহৰুখ খান আৰু সুস্মিতাৰ যুটিটোক আদৰিও লৈছিল দৰ্শকে। ম্যে হ্যোঁ না ছবিখনত সুস্মিতা সেনে এগৰাকী কলেজ অধ্যাপিকাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে শ্বাহৰুখ খানে এগাকী আৰ্মী মেজৰৰ চৰিত্ৰত অভিনয় কৰিছিল।



ম্যে হ্যো নাৰ ছিকুৱেল নিৰ্মাণৰ বাবে ইতিমধ্যে ফাৰাহ খানক সৈমান কৰাইছে সুস্মিতাই. এতিয়া কেৱল বাকী আছে শ্বাহৰুখ খানৰ সন্মতি। সকলো ভবা মতে হ’৸লে আকৌ এবাৰ ডাঙৰ পৰ্দাত শ্বাহৰুখ আন আৰু সুস্মিতা সেনক দেখিবলৈ পাব চিত্ৰ অনুৰাগীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি