স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুত যদিও এই পৃথিৱীত নাই তথাপিও তেওঁৰ অনুৰাগীয়ে তেওঁক প্ৰতিমুহুৰ্ততে মনত ৰাখিছে। ছচিয়েল মিডিয়াত সাধাৰণতে সুশান্ত
সিং ট্ৰেণ্ডত থাকে। অভিনেতা জনৰ অনুৰাগীয়ে প্ৰায়ে তেওঁৰ পুৰণি ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে। অভিনেতা জনৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে প্ৰায়ে ভায়েকৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে আৰু স্বৰ্গীয় ভায়েকক কিমান মনত পৰে তাক ব্যক্ত কৰে। শ্বেতাই বহুবাৰ সুশান্তৰ এনে কিছুমান ফটো শ্বেয়াৰ কৰে যিবোৰ দেখি অনুৰাগীৰো চকু সেমেকি উঠে।
আজি সমগ্ৰ দেশতে ভাই-ভণীৰ পৱিত্ৰ উৎসৱ ৰাখীবন্ধন উদযাপন কৰা হৈছে। এনে মূহুৰ্তত শ্বেতাইও ছচিয়েল মিডিয়াৰ জৰিয়তে ভায়েক সুশান্ত সিঙক সুৱঁৰিছে। সুশান্তৰ অবিহনে শ্বেতাৰ বাবে এইটো দ্বিতীয় ৰাখী বন্ধন , যাৰ বাবে শ্বেতা অত্যন্ত দুখী। শ্বেতা সিং কীৰ্তিয়ে ৰাখী বন্ধনৰ প্ৰাক-মুহূৰ্তত ভায়েক সুশান্তক সুৱঁৰি এনে এটা ভিডিও শ্বেয়াৰ কৰিছে , যিটো দেখি অভিনেতা জনৰ অনুৰাগীও আবেগিক হৈ পৰিছে। ফটোখনে শ্বেতা আৰু সুশান্তৰ ল'ৰালিৰ আবেগিক মুহূৰ্ত ধৰি ৰাখিছে, যিয়ে সকলোকে আবেগিক কৰি তুলিব পাৰে।
শ্বেতাই নিজৰ আৰু সুশান্তৰ ফ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে " লাভ ইউ ভাই। আমি সদায় একেলগেই থাকিম। গুড়িয়াগুলচনকো এই ফ'টোত দেখা গৈছে, য'ত শ্বেতাই হাঁহি থকাৰ পৰিবৰ্তে সুশান্তই কেমেৰাত প'জ দিয়া দেখা গৈছে। ভাই-ভণীৰ এই খন ফ'টো অনুৰাগীয়ে খুব পছন্দ কৰিছে।
শ্বেতা সিং কীৰ্তিয়ে ৰাখী বন্ধনৰ পৱিত্ৰ মুহূৰ্তত ভায়েক সুশান্ত সিং ৰাজপুতক সোঁৱৰণ কৰিছে। (ফটো- इंस्टाग्रामः@shwetasinghkirti)
অৱশ্যে শ্বেতাই এনেও প্ৰায়ে এনেকৈ ফ'টো শ্বেয়াৰ কৰে। কেৱল শ্বেতাই নহয় ,সুশান্তৰ আন গৰাকী ভণীয়েকেও প্ৰায়ে সুশান্তৰ লগত জড়িত অনুভৱ সুশান্তৰ অনুৰাগীৰ লগত ভাগ- বটোৱাৰা কৰা দেখা যায়। উল্লেখযোগ্য যে অভিনেতা জনক যোৱা বছৰ তেওঁৰ মুম্বাই স্হিত এপাৰ্টমেন্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁৰ মৃত্যুৰ সন্দৰ্ভত এতিয়াও চি বি আইৰ তদন্ত চলি আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|