ছাবস্ক্ৰিপশ্যন নকৰাকৈয়ে চাব পাৰিব সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’, পিছে কেনেকৈ? পঢ়ক এই প’ষ্ট

News18 Assam | News18-Assam
Updated:June 25, 2020, 7:23 PM IST
ছাবস্ক্ৰিপশ্যন নকৰাকৈয়ে চাব পাৰিব সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’, পিছে কেনেকৈ? পঢ়ক এই প’ষ্ট
সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’ ২৪ জুলাইত ডিজিটেল প্লেটফৰ্ম ‘হট ষ্টাৰ’ত মুক্তি দিয়া হ’ব।

সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’ ২৪ জুলাইত ডিজিটেল প্লেটফৰ্ম ‘হট ষ্টাৰ’ত মুক্তি দিয়া হ’ব।

  • Share this:
অভিনেতা সুশান্ত সিং ৰাজপুত শেষৰ খন ছবি ‘দিল বেচাৰা’ অতি শীঘ্ৰে মুক্তি লাভ কৰিব। ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তি দিয়া হ’ব। অহা ২৪ জুলাইত ছবিখন ‘Disney Plus Hotstar’ত মুক্তি পাব।




কিন্তু সুশান্তৰ অনুৰাগীসকলে অভিনেতাজনৰ শেষৰ খন ছবি ডিজিটেল প্লেটফৰ্মৰ পৰিৱৰ্তে চিনেমাঘৰত মুক্তি দিব লাগে বুলি কৈছিল। সকলোৱে বিচাৰিছিল প্ৰিয় অভিনেতাজনৰ শেষৰ খন ছবি ছবিগৃহত উপভোগ কৰিবলৈ। কিন্তু এতিয়া ছবিখন ‘Disney Plus Hotstar’তহে মুক্তি দিয়াৰ দিশত আগবাঢ়িছে ।



তথাপিও সুশান্তৰ অনুৰাগীসকলক ছবিখন চোৱাৰ বাবে বিশেষ সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিছে। ছবিখন এতিয়া ছাবস্ক্ৰিপশ্যন নকৰাকৈয়ে চাব পাৰিব বুলি জনাইছে কৰ্তৃপক্ষই।ছবিখনত সুশান্ত সিং ৰাজপুতৰ লগতে নৱাগত অভিনেত্ৰী সঞ্জনা সাংঘীয়ে অভিনয় কৰিছে।
First published: June 25, 2020, 7:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading