ভৰিত নোম থকাৰ বাবে স্কুলত মানসিক নিৰ্যাতনৰ বলি হৈছিল ছানী লিয়নী

ছানীৰ জীৱন ভিত্তিক ৱেব ছিৰিজত দেখুওৱা হৈছিল এই ঘটনা। ছানীয়ে কোৱা অনুসৰি এই ছিৰিজত প্ৰকাশ কৰা সকলো তথ্যই আছিল সঁচা।

news18assam
Updated:May 13, 2019, 4:16 PM IST
ভৰিত নোম থকাৰ বাবে স্কুলত মানসিক নিৰ্যাতনৰ বলি হৈছিল ছানী লিয়নী
ছানী লিয়নী
news18assam
Updated: May 13, 2019, 4:16 PM IST
বাৰ্থ দে গাৰ্ল ছানী লিয়নী বলীউডৰ বহুকেইখন ছবিত ইতিমধ্যে অভিনয় কৰিছে। লগতে তেওঁ বহুকেইখন ছবিত আইটেম নম্বৰো কৰিছে। কিছু দিন পূৰ্বে তেওঁৰ জীৱনভিত্তিক ৱেব ছিৰিজ ‘কৰণজীত কৌৰ’– দ্য আনটোল্ড ষ্টোৰী অব ছানী লিয়নী’ মুকলি হৈছিল। এই ৱেব ছিৰিজৰ জৰিয়তে ছানীৰ জীৱনৰ বিষয়ে নজনা বহু কথা শুনিবলৈ পোৱা গৈছিল। এনেকুৱা বহু কথা যি কথা হয়তো সাক্ষাৎকাৰৰ জৰিয়তে প্ৰকাশ নাপালে হয়। যেনে ছানীৰ আন এটা নাম আছিল গুগ্গু। তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা যথেষ্ট সবল নাছিল।

ইয়াৰোপৰি ছানীৰ স্কুলৰ এটা ঘটনা য’ত দেখুওৱা হৈছিল যে কিদৰে ছানীক স্কুলত তেওঁৰ ৰূপক লৈ মানসিক নিৰ্যাতন চলোৱা হৈছিল। আপুনিও জানি আচৰিত হ’ব যে ভৰি ৱেক্স নকৰাৰ বাবে স্কুলত ছানী লিয়নীক মানসিক নিৰ্যাতন চলোৱা হৈছিল। এনেকুৱা সমাজত মহিলাৰ ৰূপক লৈ আজৱ ধৰণৰ মানদণ্ড তৈয়াৰ কৰি দিয়া হয়। ৱেক্সিং কৰা বা নকৰা এয়া সকলোৰে ব্যক্তিগত বিষয়। এইটো কাৰোবাৰ বাবে সামাজিক চাপ সৃষ্টি কৰাটো কেতিয়াও সঠিক হ’ব নোৱাৰে। ছানীৰ ৱেব ছিৰিজত এইটোৱে দেখুওৱা হৈছিল যে তেওঁ ইয়াৰ বাবে হাঁহিয়াতৰ পাত্ৰ হৈছিল।

যেতিয়া এই ৱেব ছিৰিজ মুকলি হৈছিল ছানীয়ে কৈছিল যে ইয়াত দেখুওৱা সকলো কথাই সঁচা। ছানীয়ে কৈছিল, ‘‘এই জীৱন ভিত্তিক ৱেব ছিৰিজত সকলোৱে কৰণজীত কৌৰ বোহৰাক দেখিবলৈ পাব। কৰণজীত মোৰ প্ৰকৃত নাম। ছানী নামটো এটা ব্ৰেণ্ডহে যিটোৰ নামাকৰণ ময়ে কৰিছিলো। এই নামেৰে মোক গীত, ছবি বা ফটোশ্বুটত দেখা পায়।



ছানীৰ উপৰিও এই বায়’পিকত ৰাজ অৰ্জুন, ৰায়ছা ছোজানী, কৰমবীৰ লাম্বা, বিজয় জচজীত আনন্দ, গৃষা কাপুৰ, বংশ প্ৰধান আৰু মাৰ্ক ৱকনৰে অভিনয় কৰিছিল। এই ৱেব ছিৰিজখনত ছানী লিয়নীৰ জীৱন যুঁজৰ পৰা আৰম্ভ কৰি এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ হোৱাৰ এক দীঘলীয়া যাত্ৰা দেখুওৱা হৈছিল।



PTIৰ এটা সাক্ষাৎকাৰৰ জৰিয়তে ছানীয়ে মন খুলি ক’লে সকলো কথা। তেওঁ ক’লে যে যেতিয়াই তেওঁৰ নাম বিতৰ্কৰ মাজত সোমাই পৰে তেতিয়া তেওঁ নিজকে ছফ্ট টাৰ্গেট বুলি অনুভৱ কৰে। ছানীয়ে ক’লে, মই নিজকে ভুক্তভোগী বুলি নাভাবো কিন্তু মই ছফ্ট টাৰ্গেট নিশ্চয় হ’ব পাৰো। মোৰ মতে সকলোৰে বাক স্বাধীনতা আছে। সেইটো উচিত নে অনুচিত সেইটো তেওঁলোকৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ ক’লে, মই অলাগতিয়াল কথাত গুৰুত্ব নিদিও যদিও কেতিয়াবা ইয়াৰ প্ৰভাৱ নপৰা নহয়। এনেকুৱা ধৰণৰ কথাই মোক দুখ দিয়াৰ বিপৰীতে খং কৰিবলৈহে বাধ্য কৰায়।
আৰু চাওক পৰৱৰ্তী বাতৰি