বয়ফ্ৰেণ্ডক প্ৰথমবাৰ KISS কৰোতে ধৰা পৰিছিল ছানী লিয়নী, পিতৃৰ পৰা খাইছিল গালি

News18-Assam
Updated:June 24, 2019, 3:28 PM IST
বয়ফ্ৰেণ্ডক প্ৰথমবাৰ KISS কৰোতে ধৰা পৰিছিল ছানী লিয়নী, পিতৃৰ পৰা খাইছিল গালি
এই ঘটনা স্কুলত থকা দিনৰে বুলি ছানী লিয়নীয়ে ক’লে। যেতিয়া তেওঁ সেইসময়ত থকা বয়ফ্ৰেণ্ডক চুমা খাইছিল।

এই ঘটনা স্কুলত থকা দিনৰে বুলি ছানী লিয়নীয়ে ক’লে। যেতিয়া তেওঁ সেইসময়ত থকা বয়ফ্ৰেণ্ডক চুমা খাইছিল।

  • Share this:
বলীউড অভিনেত্ৰী ছানী লিয়নীৰ জীৱন বিভিন্ন ঘাত–প্ৰতিঘাতেৰে ভৰা। তেওঁৰ ৱেব ছিৰিজ ‘কৰণজীত কৌৰঃ দ্যা আনট’ল্ড ষ্টোৰী’ত ছানীয়ে জীৱনৰ বিষয়ে এনেকুৱা কিছুমান ৰহস্য উদঘাটন কৰিছে, যিসমূহৰ বিষয়ে হয়টো কোনেও গমেই নাপায়। এই ৱেবছিৰিজৰ প্ৰমচনৰ সময়ত যেতিয়া ছানীয়ে সাক্ষাৎকাৰ দিছিল তেতিয়া তেওঁ এইসমূহ ৰহস্য ফাদিল কৰিছিল। এই সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ জীৱনৰ প্ৰথমটো চুমাৰ ভয়ানক অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছিল। আমি এই ঘটনাক ভয়ানক কোৱাৰ এটাই কাৰণ যে তেওঁ এই KISSৰ বাবে ধৰা পৰিছিল আৰু পিতৃৰ পৰা গালিও খাইছিল।

এই ঘটনা স্কুলত থকা দিনৰে বুলি ছানী লিয়নীয়ে ক’লে। যেতিয়া তেওঁ সেইসময়ত থকা বয়ফ্ৰেণ্ডক চুমা খাইছিল। কিন্তু ছানীৰ বাবে এই অভিজ্ঞতা ভয়ানক আছিল। কাৰণ ছানীৰ পিতৃয়ে তেওঁ আৰু তেওঁৰ বয়ফ্ৰেণ্ডেক এই ঘটনাৰ বাবে যথেষ্ট গালি–গালাজ কৰিছিল। এই ঘটনাৰ পিছতে ছানীৰ ঘৰত হুলস্থুলৰ সৃষ্টি হৈছিল। সঁচাকৈয়ে ছানীৰ এই ঘটনা যথেষ্ট ভয়ানক আছিল।



Professional Frontৰ কথা কও যদি ছানী লিয়নীক শীঘ্ৰে ‘কোকা কোলা’ নামৰ এখন ছবিত দেখা যাব। এই ছবিখনৰ বাবে ছানীয়ে ভোজপুৰী ভাষা শিকি আছে। ইয়াৰ এটা উদাহৰণ তেওঁ কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টোত ছানীয়ে ‘কা বে’ বুলি কোৱা দেখা গৈছে। ছানীৰ এই ছবিখন Horror comedy movie হ’ব। ছানী বৰ্তমান উত্তৰ প্ৰদেশত শ্বুটিং কৰাত ব্যস্ত হৈ আছে।

 



 




View this post on Instagram




 

When you are so much into the character!! ? #SunnyLeone #MethodActing #kokaKola #UP #BihariDialect


A post shared by Sunny Leone (@sunnyleone) on




Published by: Dulu Medhi
First published: June 24, 2019, 3:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি