বিহাৰৰ ছাত্ৰই নিজৰ মাতৃৰ নাম লিখিলে ছানী লিয়নী! ছচিয়েল মিডিয়াত ছানী লিয়নীয়ে দিলে প্ৰত্যুত্তৰ

News18 Assam | News18-Assam
Updated:December 13, 2020, 4:33 PM IST
বিহাৰৰ ছাত্ৰই নিজৰ মাতৃৰ নাম লিখিলে ছানী লিয়নী! ছচিয়েল মিডিয়াত ছানী লিয়নীয়ে দিলে প্ৰত্যুত্তৰ
ইফালে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইমৰাণ হাছমীয়েও

ইফালে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইমৰাণ হাছমীয়েও

  • Share this:
বিহাৰৰ এজন ছাত্ৰৰ পৰীক্ষাৰ এডমিট কাৰ্ডত পিতৃ–মাতৃৰ নামৰ ঠাইত লিখা আছিল ইমৰান হাছমী আৰু ছানী লিয়নৰ নাম। এই বাতৰিয়ে সৰ্বত্ৰ চৰ্চা লাভ কৰিছিল। ছাত্ৰইজনে আচৰিত ধৰণে ছানী লিয়নীক নিজৰ মাতৃ বুলি কোৱাৰ পিছতে সমগ্ৰ বিষয়টোত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।





দৰাচলতে বাবা চাহেব ভীম ৰাও আম্বোদকাৰ বিহাৰ বিশ্ববিদ্যালয়, মুজাফৰপুৰৰ বিএ পাৰ্ট ২ৰ ছাত্ৰই পৰীক্ষাৰ বাবে আবেদন পত্ৰ পূৰণ কৰোতে নিজৰ পিতৃ আৰু মাতৃৰ নাম অভিনেতা ইমৰাণ হাছমী আৰু ছানী লিয়নী বুলি লিখিছিল। এই খবৰ ছচিয়েল মিডিয়াত হৈ পৰে ভাইৰেল। এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছানী লিয়নীয়ে লিখিছে যে, ‘This kids awesome !!!!! Way to dream big :)))))))) XO hahahaha’।




ইফালে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ইমৰাণ হাছমীয়েও। অভিনেতা জনে টুইটাৰ যোগে লিখিছিল যে, ‘শপত খাই কৈছো, এই ইমৰান হাছমী আৰু মই এজন ব্যক্তি নহয়। মোৰ এনেধৰণৰ কোনো সম্পৰ্ক নাই, নাছিল। মোৰ এনে কোনো সন্তানো নাই!’
Published by: Himangshu Bhuyan
First published: December 13, 2020, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি