নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছে ছানী লিয়নীয়ে

ছানী লিয়নীয়ে স্বামী ডেনিয়লৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ সৈতে ছানীয়ে ক’লে যে তেওঁ কি নতুন কৰিবলৈ ওলাইছে।

news18assam
Updated:June 13, 2019, 12:28 PM IST
নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছে ছানী লিয়নীয়ে
ছানী লিয়নীয়ে স্বামী ডেনিয়লৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ সৈতে ছানীয়ে ক’লে যে তেওঁ কি নতুন কৰিবলৈ ওলাইছে।
news18assam
Updated: June 13, 2019, 12:28 PM IST
বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ যথেষ্ট অনুৰাগী আছে যাৰ বাবে এখন ফটো পোষ্ট কৰাৰ লগে লগে লাইকৰ বৰষুণ পৰে। ছানীক অনুৰাগীয়ে কিমান ভাল পায় সেয়া ছচিয়েল মিডিয়াত স্পষ্টভাৱে প্ৰকাশ পায়। কিন্তু এইবাৰ অনুৰাগীয়ে ছানীক কৰা প্ৰশংসা হয়টো স্বামী ডেনিয়েলেও কেতিয়াও কৰা নাই।

ছানীয়ে নিজৰ সৈতে ডেনিয়েলৰ এখন ফটো শ্বেয়াৰ কৰিছিল। এই ফটোখনত প্ৰায়ভাগেই ‘কিউট কপল’, ‘পাৰফেক্ট জোড়ী’ আৰু ‘বিউটিফুল’ বুলি কমেণ্ট কৰিছে। কিন্তু এগৰাকী অনুৰাগীয়ে ছানীৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰিল। madma_X_jatt.mp3 নামৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখা এটা কমেণ্ট ১০২১ গৰাকী লোকে লাইক কৰিছে।



ছানীৰ নতুন ব্যৱসায়
এই ফটোখনৰ সৈতে ছানীয়ে এটা ঘোষণাও কৰিছে। ছানীয়ে ‘দ্য আৰ্ট ফিউজন’নামৰ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছে। তেওঁ এই ফটোখনৰ সৈতে এই বিষয়ে জানিবলৈ দিয়ে। ছানীয়ে লিখিলে ‘যেতিয়া আপুনি জীৱনত নতুন কাম আৰম্ভ কৰিবলৈ আগবাঢ়ে। চেষ্টা কৰক। সম্ভৱত আপুনি সফল হ’ব পাৰে বা বিফল হ’ব পাৰে। অন্তত আপুনি চেষ্টা কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি