• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৪০ বছৰীয়া হ'ল ছানী লিয়নী! এসময়ত নাৰ্ছ হোৱাৰ সপোন দেখা অভিনেত্ৰীগৰাকীয়ে কেনেদৰে ভৰি দিছিল পৰ্ণ ছবি উদ্যোগত?

৪০ বছৰীয়া হ'ল ছানী লিয়নী! এসময়ত নাৰ্ছ হোৱাৰ সপোন দেখা অভিনেত্ৰীগৰাকীয়ে কেনেদৰে ভৰি দিছিল পৰ্ণ ছবি উদ্যোগত?

আজি ৪০ বছৰীয়া জন্মদিন উদযাপন কৰিছে মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে।

আজি ৪০ বছৰীয়া জন্মদিন উদযাপন কৰিছে মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে।

আজি ৪০ বছৰীয়া জন্মদিন উদযাপন কৰিছে মোহময়ী অভিনেত্ৰী ছানী লিয়নীয়ে।

  • Share this:
মোহময়ী অভিনেত্ৰী ছানী লিয়নীক আৰু নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই । প্ৰাৰম্ভিক যাত্ৰা যিয়েই নহওঁক কিয়, আজিৰ দিনত তেওঁ বলীউদৰ এগৰাকী জনপ্ৰিয় তাৰকা। ভিন্ন বলীউদী ছবি আৰু গীতত দেখুওৱা বল্ড লয়লাসৰ বাবে প্ৰায়েই চৰ্চা লাভ কৰা ছানী লিয়নীৰ জন্ম হৈছিল ১৯৮১ চনৰ ১৩ মে'ত।

আজি ৪০ বছৰত ভৰি দিয়া ছানী লিয়নীৰ প্ৰকৃত নাম হৈছে কৰণজিৎ কৌৰ। ছানী লিয়নীৰ ব্যক্তিগত জীৱনো কিন্তু কোনো ছবিৰ কাহিনীতকৈ কম নহয়। সম্প্ৰতি কোভিড সংক্ৰমিত লোকৰ সহায়ত ব্যস্ত হৈ আছে ছান লিয়নী। কোৰোণা যুঁজত যুঁজি থকা লোকৰ বাবে বিচনাৰ ব্যৱস্থা কৰাৰ চেষ্টা অব্যাহত ৰখাৰ কথা ইনষ্টাগ্ৰামযোগে উল্লেখ কৰিছিল ছানীয়ে ।



আজিৰ এই জন্মদিন বিশেষত জানো আহক ছানীৰ জীৱনৰ কেইটামান বিশেষ কথা ...

বলীউদত ভৰি দিয়াৰ পূৰ্বে ছানী এগৰাকী বিখ্যাত পৰ্ণষ্টাৰ আছিল । ২০১২ চনত পূজা ভাটৰ 'জিচম ২'ৰ জৰিয়তে বলীউদত আত্মপ্ৰকাশ কৰিছিল ছানীয়ে। ২০১৮- ১৯ চনত মুক্তি লাভ কৰা ৱেবছিৰিজ "কৰণজিৎ কৌৰ - দ্য আনটল্ড ষ্টৰী"ত ছানীৰ জীৱনৰ সকলো সত্য পোহৰলৈ আহিছিল। এই ৱেবছিৰিজৰ পৰাই গম পোৱা গৈছিল যে, ছানীয়ে মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ পৰ্ণ ছবি উদ্যোগত ভৰি দিয়াৰ লগতে প্ৰায় ৫০ খনৰো অধিক এডাল্ট ছবিত অভিনয় কৰিছিল ।



ছানী লিয়নীৰ জীৱন তেনেই সহজ নাছিল, কণ্টকময় আছিল এই পথ। এডাল্ট ছবিত কাম কৰাৰ উপৰিও, ছানীয়ে প্ৰয়োজনীয় ধন গোটাবলৈ জাৰ্মান বেকাৰীত ৱেট্ৰাৰ্ছ হিচাপেও কাম কৰিছিল। বাধ্যত পৰি এডাল্ট ছবিত কাম কৰা ছানীৰ সপোন আছিল নাৰ্ছ হৈ মানৱ সেৱা কৰাহে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ছানিয়ে কৈছিল, "এডাল্ট অৰ্থাত্ পৰ্ণ ছবি উদ্যোগত কাম কৰাৰ বাবে মানুহে মোৰ বিষয়ে বেয়াকৈ কথা পাতিবলৈ আৰম্ভ কৰিছিল । এই বস্তুটোৱে মোৰ জীৱনত বৰ বেয়া প্ৰভাৱ পেলাইছিল। মই ভিতৰৰ পৰা ভাঙি পৰিছিলো। মোৰ পৰিয়ালে মোক আৰু মোৰ ভাতৃক প্ৰতিটো বেয়া দিশৰ পৰা বচাই ৰাখিবলৈ চেষ্টা কৰিছিল, যদিও মোৰ পৰিয়ালে মোক কেতিয়াও সেই ছবি উদ্যোগটোৰ পৰা ওলাই আহিবলৈ বাধ্য কৰা নাছিল । ইয়াৰ পিছতো জীৱনক লৈ মোৰ কোনো অভিযোগ নাই।"



এই প্ৰত্যাহ্বানেৰে ভৰা কঠিন জীৱনৰ সৈতে যুঁজি যুঁজি সম্প্ৰতি ছানী লিয়নীয়ে তেওঁৰ পৰিয়ালৰ সৈতে এক সুখী জীৱন যাপন কৰি আছে। ছানী আৰু তেওঁৰ স্বামীয়ে নিশা কৌৰ নামৰ এজনী কন্যা সন্তান তুলি লোৱাৰ লগতে ছাৰোগেছীৰে এতিয়া দুই যমজ সন্তানৰ মাতৃ ছানী লিয়নী।
Published by:Himangshu Bhuyan
First published: