এই ভিডিঅ’টো নাচাব! আচৰিত, কিয় নিৰ্মাণ কৰা হৈছে ‘এনেকুৱা’ ভিডিঅ’

News18 Assam | News18-Assam
Updated:December 26, 2019, 5:20 PM IST
এই ভিডিঅ’টো নাচাব! আচৰিত, কিয় নিৰ্মাণ কৰা হৈছে ‘এনেকুৱা’ ভিডিঅ’
Source-Google

মুক্তি পাইছে ‘GARMI SONG’

  • Share this:
মুক্তিৰ অপেক্ষাত আছে বলীউদৰ নতুন ছবি ‘Street Dancer 3D’। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ আৰু এটা গীতে দৰ্শকৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। ছবিখনৰ ‘GARMI’ শীৰ্ষক এটি গীতৰ ভিডিঅ’ আজি মুকলি কৰা হয়। গীতটোত অভিনেতা বৰুণ ধাৱান আৰু নুৰা ফতেহীক আকৰ্ষণীয় ৰূপত দেখা গৈছে। কিন্তু গীতটোৰ মুক্তিৰ পিছতে কিছু বিতৰ্কৰো সূচনা হৈছে। বহুতে গীতটোৰ নামক ককৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আনকি বহুতে ছচিয়েল মিডিয়াত লিখিছে, ‘এই ভিডিঅ’টো নাচাব! আচৰিত, কিয় নিৰ্মাণ কৰা হৈছে ‘এনেকুৱা’ ভিডিঅ।’

আৰু চাওক
পৰৱৰ্তী বাতৰি