ৰোহিত ছেট্টীৰ চিনেমা মানেই বক্স অফিছত ধুমুহা
ৰোহিত ছেট্টীৰ চিনেমা মানেই বক্স অফিছত ধুমুহা
ৰূপালী পৰ্দাত এইবাৰ একেলগে বলীউদৰ তিনি তাৰকা অজয়, অক্ষয় আৰু ৰণবীৰ। আগন্তুক বৰ্ষৰ ২০ মাৰ্চত ছবিগৃহলৈ আহি আছে ‘বীৰ সূৰ্যবংশী’। সিংহম, চিম্বাৰ অভূতপূৰ্ব সফলতাৰ পিছত ৰোহিত ছেট্টীৰ পৰিচালনাৰে মুক্তিৰ বাবে সাজু হৈছে অক্ষয় কুমাৰ অভিনীত ছবি সূৰ্যবংশী। চিম্বা মুক্তিৰ এবছৰ সম্পন্ন হোৱাৰ উপলক্ষে মুকলি কৰা হৈছে এক বিশেষ ভিডিঅ’।
মুকলি কৰা হৈছে সূৰ্যবংশী, সিংহম, চিম্বাক একেলগ কৰি এক বিশেষ ভিডিঅ’ নিৰ্মাণ কৰা হৈছে। য’ত আহিবলগীয়া সূৰ্যবংশীৰো এক বিশেষ আভাষ দিবলৈ চেষ্টা কৰা হৈছে। ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী কেটৰীণা কাঈফে। ছবিখনৰ First Look তে বলীউদৰ তিনি তাৰকাক একেলগে দেখা গৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|