অসমৰ দিলীপ হীৰাৰ বাঁহীৰ সুৰত মুগ্ধ বলীউদৰ কণ্ঠশিল্পী শংকৰ মহাদেৱন, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে VIDEO

News18 Assam | News18-Assam
Updated:January 10, 2020, 11:03 AM IST
অসমৰ দিলীপ হীৰাৰ বাঁহীৰ সুৰত মুগ্ধ বলীউদৰ কণ্ঠশিল্পী শংকৰ মহাদেৱন, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে VIDEO
গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেষ্টত ব্ৰেকফাষ্ট কৰি থকাৰ সময়তে দিলীপ হীৰাক লগ পায় শংকৰ মহাদেৱনে।

গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেষ্টত ব্ৰেকফাষ্ট কৰি থকাৰ সময়তে দিলীপ হীৰাক লগ পায় শংকৰ মহাদেৱনে।

  • Share this:
অসমৰ বাঁহীবাদকৰ প্ৰশংসাত পঞ্চমুখ বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন। খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অসমলৈ অহা শংকৰ মহাদেৱনে ফেচবুকত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত শংকৰ মহাদেৱনে দিলীপ হীৰা নামৰ অসমৰ এগৰাকী বাঁহীবাদকৰ সৈতে দেখা গৈছে।

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে দিলীপ হীৰাক সকলোকে চিনাকি কৰাই দি কয় যে দিলীপ এগৰাকী অত্যন্ত প্ৰতিভাশালী বাঁহীবাদক। তাৰ পিছতে দিলীপ হীৰাক কিবা এটা শুনাবলৈ কয় শংকৰ মহাদেৱনে। মহাদেৱনৰ অনুৰোধত দিলীপ হীৰাই বাঁহীৰে বজাই শুনালে এক অনন্য সুৰ। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’ :



আচলতে গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেষ্টত ব্ৰেকফাষ্ট কৰি থকাৰ সময়তে দিলীপ হীৰাক লগ পায় শংকৰ মহাদেৱনে। দিলীপ হীৰাৰ ঘৰ নগাঁৱত। কেইবাখনো অসমীয়া ছবি আৰু এলবামত বাঁহী বজাই প্ৰতিভাৰ প্ৰমাণ দিছে দিলীপ হীৰাই। কিন্তু শংকৰ মহাদেৱনৰ সৈতে এয়া নিশ্চয়কৈ দিলীপ হীৰাৰ বাবে এক অনন্য অনুভৱ হৈ ৰ’ব।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitteত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি