কোন অভিনেতাই হৃদয় ভাঙিলে কোটি কোটি অনুৰাগীৰ হৃদয়ত স্থান পোৱা নেহাৰ?

এটা সময় আছিল, যেতিয়া নেহাই ওৰেনিশা জাগৰণত গীত গাই পাইছিল মাথোঁ ৫০০ টকা।

news18assam
Updated:June 6, 2019, 8:07 AM IST
কোন অভিনেতাই হৃদয় ভাঙিলে কোটি কোটি অনুৰাগীৰ হৃদয়ত স্থান পোৱা নেহাৰ?
এটা সময় আছিল, যেতিয়া নেহাই ওৰেনিশা জাগৰণত গীত গাই পাইছিল মাথোঁ ৫০০ টকা।
news18assam
Updated: June 6, 2019, 8:07 AM IST
কেইবাটাও জনপ্ৰিয় গীতেৰে কোটি কোটি অনুৰাগীৰ হৃদয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা সুকণ্ঠী গায়িকা নেহা কক্কৰৰ আজি জন্মদিন। নেহা বৰ্তমান বলীউদৰ এগৰাকী জনপ্ৰিয় গায়িকা। কিন্তু এই স্থান পাবলৈ নেহাই কৰিবলগীয়া হৈছে কঠোৰ পৰিশ্ৰম। এটা সময় আছিল, যেতিয়া নেহাই ওৰেনিশা জাগৰণত গীত গাই পাইছিল মাথোঁ ৫০০ টকা। ইণ্ডিয়ান আইডলৰ মঞ্চৰ পৰা নেহা আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰা আৰু যেতিয়া এই মঞ্চতে বিচাৰকৰ আসন পালে তেতিয়া নেহাই ৰোমন্থন কৰিলে নিজৰ অতীত।

ইণ্ডিয়ান আইডল–১০ৰ অডিশ্যনত এগৰাকী প্ৰাৰ্থীয়ে অতীতলৈ ওভতাই লৈ গ’ল নেহাক। এই প্ৰাৰ্থীগৰাকী আছিল জগদীশ চুগৰ পুত্ৰ। জগদীশ চুগৰ দলত সৰুতে জাগৰণত গীত গাইছিল নেহাই। নেহাই কয় – আৰম্ভণিতে মই আৰু মোৰ ভনী ছনুৱে চুগৰ বেণ্ডৰ সৈতে ভজন গাইছিলো। তাৰ বাবদ পাইছিলো ৫০০ টকাকৈ। যেতিয়া নেহাই প্ৰথমবাৰ ইণ্ডিয়ান আইডলৰ মঞ্চলৈ আহিছিল তেতিয়া বয়স আছিল ১১ বছৰ। কঠোৰ পৰিশ্ৰমৰ ফলত নেহা আজি ভাৰতৰ শীৰ্ষস্থানীয় গায়িকা।



বলীউদৰ এগৰাকী অভিনেতাৰ সৈতে ব্ৰেকআপক লৈও চৰ্চালৈ আহিছিল নেহা। ইণ্ডিয়ান আইডলত নেহাক ছাৰপ্ৰাইজ দিবলৈও আহিছিল হিমাংশ কোহলী। সকলো ঠিকেই আছিল, কিন্তু হঠাৎ নেহাই ছচিয়েল মিডিয়াত ব্ৰেকআপৰ কথা ৰাজহুৱা কৰিছিল। নেহাৰ পোষ্টৰ বাবে বিভিন্নজনে ট্ৰ’ল কৰিছিল হিমাংশ কোহলীক। ইয়াৰ পিছতে এটা সাক্ষাৎকাৰত নেহাই কয় যে ছচিয়েল মিডিয়াত ব্ৰেকআপৰ কথা শ্বেয়াৰ কৰাটো তেওঁৰ ভুল আছিল। নেহায় কয় যে হিমাংশৰ সৈতে ব্ৰেকআপৰ কাৰণ নিজেই। হিমাংশক মানুহে বহু ভাল–বেয়া কথা ক’লে কিন্তু অবিশ্বাসী নাছিল। মোৰ নিজৰে কিছুমান এনেকুৱা ভুল হৈছিল যাৰ বাবে এই সম্পৰ্ক আগবঢ়াই নিব নোৱাৰিলো।



ছচিয়েল মিডিয়াত নিজৰ ব্যক্তিগত জীৱনৰ সকলো কথা শ্বেয়াৰ কৰা উচিত নহয় বুলিও কয় নেহাই। নেহাই সাক্ষাৎকাৰটোত কয় যে – মই দ্বিতীয়বাৰ এনে ভুল নকৰো। যিবোৰ ভুল ইতিমধ্যে হৈ গ’ল সেয়া নোহোৱা কৰিব নোৱাৰি কিন্তু শুধৰণি কৰাৰ চেষ্টা নিশ্চয় কৰিম। লগতে কেতিয়াও নিজৰ জীৱনৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ নকৰো বুলিও কয় গায়িকাগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি