মুম্বাইত ৯ কোটি টকাৰে কি কিনিলে বলীউদৰ জনপ্ৰিয় গায়ক অৰিজিত সিঙে?

News18 Assam | News18-Assam
Updated:February 11, 2020, 5:13 PM IST
মুম্বাইত ৯ কোটি টকাৰে কি কিনিলে বলীউদৰ জনপ্ৰিয় গায়ক অৰিজিত সিঙে?
ফৰ্বছৰ ফালৰ পৰা জনোৱা অনুসৰি অৰিজিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭১ কোটি ৯৫ লাখ টকা।

ফৰ্বছৰ ফালৰ পৰা জনোৱা অনুসৰি অৰিজিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭১ কোটি ৯৫ লাখ টকা।

  • Share this:
অৰিজিত সিং বৰ্তমান সকলোৰে প্ৰিয় কণ্ঠশিল্পী। নিজৰ কণ্ঠৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে অৰিজিতে। সেয়েহে বলীউদৰ জনপ্ৰিয় গীতৰ তালিকাত অধিকসংখ্যক গীতে থাকে অৰিজিত সিঙৰ। আনকি, ফৰ্বছ চেলিব্ৰিটীৰ তালিকাতো নিজৰ নাম ২৬ নম্বৰত লিখিবলৈ সক্ষম হৈছে জনপ্ৰিয় গায়কজনে।

কিন্তু শেহতীয়াকৈ অৰিজিত সিঙৰ আন এক নতুন খবৰ পোহৰলৈ আহিছে। এইবাৰ কিন্তু গান নহয়। খবৰ অনুসৰি, মুম্বাইত অৰিজিত সিঙে কিনিলে চাৰিটাকৈ ফ্লেট। যাৰ দাম ৯ কোটি টকা।

জানিব পৰা মতে, ৩২ স্কোৱাৰ মিটাৰৰ এটা ফ্লেট কিনিছে ১ কোটি ৮০ লাখ টকাত। ৭০ স্কোৱাৰ মিটাৰৰ এটা ফ্লেট কিনিছে ২ কোটি ২০ লাখ টকাত, ৮০ স্কোৱাৰ মিটাৰৰ আন এটা ফ্লেট কিনিছে ২ কোটি ৬০ লাখ টকাত আৰু ৭০ স্কোৱাৰ মিটাৰৰ এটা ফ্লেট ২ কোটি ৫০ লাখ টকাত কিনিছে অৰিজিতে।

ফৰ্বছৰ ফালৰ পৰা জনোৱা অনুসৰি অৰিজিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭১ কোটি ৯৫ লাখ টকা। বলীউদত পদাৰ্পণ কৰাৰ পিছৰে পৰা এইপৰ্যন্ত ১৮খনকৈ ছবিত গীত গাইছে অৰিজিতে। দেশে–বিদেশে কৰিছে বহু লাইভ কনচাৰ্ট।
আৰু চাওক
পৰৱৰ্তী বাতৰি