মুম্বাই আৰক্ষীয়ে সদৰি কৰিছে যে চাৰ্জশ্বীটত ৪৩জন সাক্ষীৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে।
মুম্বাই আৰক্ষীয়ে সদৰি কৰিছে যে চাৰ্জশ্বীটত ৪৩জন সাক্ষীৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে।
বলীউদ অভিনেত্ৰী শিল্পা শেট্টীয়ে (Shilpa Shetty) পৰিয়ালৰ মংগলৰ বাবে মা বৈষ্ণো দেৱী মন্দিৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে। স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra) পৰ্ণ’গ্ৰাফী ভিডিঅ’ বনোৱা আৰু এপৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত কাৰাগাৰত বন্দী হৈ আছে। এই গোচৰত মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে। ১৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত ৪৩জন সাক্ষাৰ নাম উল্লে কৰিছে। এই গোচৰ সন্দৰ্ভত শিল্পাৰ ভাষ্য পোহৰলৈ আহিছে, যি ভাষ্য শিল্পাই আৰক্ষীক দিছিল।
মুম্বাই আৰক্ষীয়ে সদৰি কৰিছে যে চাৰ্জশ্বীটত ৪৩জন সাক্ষীৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে। এই ৪৩জন সাক্ষীৰ ভিতৰত ৰাজ কুন্দ্ৰাৰ পত্নী শিল্পা শেট্টী আৰু শাৰ্লিন চোপ্ৰাও আছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ মতে, শিল্পা শেট্টীয়ে মুম্বাই আৰক্ষীক কয় যে তেওঁ নিজৰ কামত ব্যস্ত আছিল, ৰাজে কি কৰি আছিল সেয়া জনা নাছিল।
শিল্পাৰ এই ভাষ্য মুম্বাই আৰক্ষীৰ দ্বাৰা ৰাজ কুন্দ্ৰা আৰু তেওঁৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰীজৰ আইটি প্ৰমুখ ৰিয়ান থোৰ্পৰ বিৰুদ্ধে পৰ্ণ ৰেকেট সন্দৰ্ভত দাখিল কৰা ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীটৰ অংশ। শিল্পাই নিজৰ ভাষ্যত কয় যে ৰাজ কুন্দ্ৰাই ২০১৫ চনত ভিয়ান ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ আৰম্ভণি কৰিছিল। মই ২০২০ চনলৈ তেওঁৰ সৈতে আছিলো, কিন্তু তাৰ পিছত মই ব্যক্তিগত কাৰণত ইস্তাফা দিছিলো।
শিল্পাই কয় যে মই Hotshots বা Bollyfame এপৰ বিষয়ে নাজানো। মই নিজৰ কামত খুব ব্যস্ত আছিলো আৰু সেইবাবে মই জনা নাছিলো যে কুন্দ্ৰাই কি কৰি আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|