সংবাদ সংস্থা এএনআইৰ মতে, মুম্বাইৰ এখন আদালতে পৰ্ণগ্ৰাফীৰ গোচৰত ৫০,০০০ টকাৰ বণ্ডত ৰাজ কুন্দ্ৰাক জামিন প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে, মুম্বাই আৰক্ষীয়ে পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰিছিল। ১৫০০ পৃষ্ঠাৰ অভিযোগপত্ৰখনত ৪৩ জন সাক্ষীৰ নাম উল্লেখ কৰা হৈছে।
মুম্বাই আৰক্ষীয়ে জনাইছে যে চাৰ্জশ্বীটত ৪৩ জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল। ৪৩ জন সাক্ষীৰ ভিতৰত ৰাজ কুন্দ্ৰাৰ পত্নী তথা অভিনেত্ৰী শিল্পা ছেট্টী আৰু শ্বেৰলিন চোপ্ৰাও আছে। শিল্পা ছেট্টীয়ে মুম্বাই আৰক্ষীক কৈছিল যে তেওঁ নিজৰ কামত খুব ব্যস্ত আছিল, ৰাজ কুন্দ্ৰাই কি কৰি আছে সেই সম্পৰ্কে তেওঁ একো নাজানে।