ৰাজে শাৰ্লীনক বহুবাৰ কৈছিল যে, শিল্পাই প্ৰশংসা কৰ ৰাজে কৰা কামত।
ৰাজে শাৰ্লীনক বহুবাৰ কৈছিল যে, শিল্পাই প্ৰশংসা কৰ ৰাজে কৰা কামত।
অভিনেত্ৰী শাৰ্লীন চোপ্ৰাক শুকুৰবাৰে ৰাজ কুন্দ্ৰাৰ পৰ্ণ ছবি (Raj Kundra Porn Case) ব্যৱসায়িক গোচৰৰ সন্দৰ্ভত দীৰ্ঘ সময় ধৰি জেৰা কৰা হৈছিল। গোচৰটোৰ সন্দৰ্ভত নিজৰ বিবৃতি দিয়ে অভিনেত্ৰীগৰাকীয়ে। শিল্পা চেট্টীয়ে ৰাজৰ কোম্পানীৰ কামক লৈ কি কৈছিল সেই বিষয়ে শাৰ্লীনে মুখ খোলে। তেওঁ কৈছিল যে, ৰাজে তেওঁক একাধিকবাৰ কৈছিল যে,শিল্পা চেট্টীয়ে শাৰ্লীনৰ কাম দেখি প্ৰশংসা কৰিছিল।
শুকুৰবাৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই প্ৰায় ৮ ঘণ্টা ধৰি জেৰা কৰে অভিনেত্ৰী শাৰ্লীন চোপ্ৰাক। পিছত বাহিৰলৈ ওলাই আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীক। ৰাজ কুন্দ্ৰাই শাৰ্লীনক কোৱা মতে, পত্নী শিল্পা চেট্টীয়ে তেওঁৰ ভিডিঅ' দেখি প্ৰশংসা কৰিছিল।
শার্লীনে কৈছে যে, 'ৰাজ কুন্দ্ৰাৰ কোম্পানীৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। মই তেওঁৰ কোম্পনীৰ সৈতে চুক্তিবদ্ধ হৈছিলো এগৰাকী খ্যাতনামা শিল্পী হিচাপে। কিন্তু কেতিয়াও হটশ্বট বা ৰাজৰ অন্যা কোনো এপৰ বাবে শ্বুটিং কৰা নাই। ৰাজে মোক মোৰ নামত এটা এপ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁ কৈছিল যে, মই বহুত ভাল কাম কৰিছো। শিল্পাই মোৰ ছবিবোৰ দেখিছে। আৰু প্ৰশংসা কৰিছে।'
শাৰ্লীনে লগতে কয় যে, তেওঁক প্ৰথমে কোৱা নাছিল যে, তেওঁ অৰ্ধ-নগ্ন আৰু নগ্ন ছবিত কৰিব লাগিব। তেওঁক প্ৰথমে কোৱা হৈছিল আন কোনো ধৰণৰ কামৰ বাবেহে তেওঁৰ সৈতে চুক্তি কৰী হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|