শ্বাহিদ কাপুৰে বিমানবন্দৰত কৰিলে এনেকুৱা কাৰ্য, খঙত টিঙিৰি তোলা হৈ পৰিল অনুৰাগী

কিছু দিন পূৰ্বে অভিনেতা শ্বাহিদ কাপুৰ এটা ভিডিঅ’ৰ বাবে যথেষ্ট ট্ৰল হৈছে ছচিয়েল মিডিয়াত

Dulu Medhi | news18assam
Updated:May 11, 2019, 7:09 PM IST
শ্বাহিদ কাপুৰে বিমানবন্দৰত কৰিলে এনেকুৱা কাৰ্য, খঙত টিঙিৰি তোলা হৈ পৰিল অনুৰাগী
ফাইল ফটো
Dulu Medhi | news18assam
Updated: May 11, 2019, 7:09 PM IST
অভিনেতা শ্বাহিদ কাপুৰ অচিৰে মুক্তি পাবলগীয়া ছবি ‘কবীৰ সিং’ৰ বাবে যথেষ্ট চৰ্চাত আছে। এই ছবিখনৰ টিজাৰ ইতিমধ্যে মুকলি হৈছে আৰু ইয়াত শ্বাহিদ কাপুৰৰ অন্য এটা ৰূপ দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে বিমানবন্দৰৰ পৰা এটা ভিডিঅ’ ভাইৰেল হৈছে, যাৰ ফলত শ্বাহিদ সমালোচনাৰ মাজত সোমাই পৰিছে। এই ভিডিঅ’টোত বিমানবন্দৰৰ বাহিৰত থকা গাড়ীত শ্বাহিদ কাপুৰে কিবা কামত ব্যস্ত হৈ থকা দেখা গৈছে। বিশেষ কথাটো এইটো যে শ্বাহিদ গাড়ীৰ দুৱাৰ খুলি ছীটত বহি আছিল। যদিও শ্বাহিদ ট্ৰ’ল হোৱাৰ এইটো মুখ্য কাৰণ নহয়, অন্য এটা কাৰণতহে।

আচলতে, এই ভিডিঅ’টোত শ্বাহিদে গাড়ীৰ দুৱাৰ খুলি ছীটত বহি আছিল আৰু কিছু সামগ্ৰী লগত লৈ ওলাই আহিছিল গাড়ীৰ দুৱাৰ বন্ধ নকৰাকৈ। মাত্ৰ এই কথাটোক লৈয়ে ছচিয়েল মিডিয়াত তেওঁক বহুতে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছিল। কিছুমানে কৈছিল যে শ্বাহিদ কাপুৰৰ সাধাৰণ ব্যৱহাৰেই নাই আকৌ কিছুমানে কৈছিল তেওঁ বহুত কঠোৰ হয়। কিছুমানে ক’লে যে,
‘আপোনাৰ বহুত অহংকাৰ আছে, আপুনি নিজে আপোনাৰ গাড়ীৰ দুৱাৰখনো বন্ধ কৰিব নোৱাৰে? আপোনাৰ লগত কাম কৰা লোকসকলৰ সন্মান কৰক।
চাওক এই ভিডিঅ’:

 




 





View this post on Instagram




 

#shahidkapoor today at the airport


A post shared by Viral Bhayani (@viralbhayani) on






যদিও বহু লোকে শ্বাহিদক সমৰ্থনো জনালে। তেওঁৰ অনুৰাগীয়ে ট্ৰ’ল কৰা লোকসকলক এই বুলি প্ৰত্যুত্তৰ দিয়ে যে,
‘তেওঁৰ গাড়ী, তেওঁৰ ড্ৰাইভাৰ, তেওঁ যি মন যায় তাকে কৰিব, ইয়াত কাৰো সমস্যা হ’ব নালাগে। লগতে কিছুমান লোকে শ্বাহিদৰ এই ট্ৰ’ল ফাল্টু বুলিও ক’লে।
আৰু চাওক পৰৱৰ্তী বাতৰি