মুক্তিৰ পিছত এতিয়া বক্স অফিছত খলকনি তুলিছে শ্বাহিদ কাপুৰৰ ছবি ‘কবিৰ সিঙে’। মুক্তি পোৱাৰ পিছতে ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে মিশ্ৰিত ৰিভিউজ। মুক্তিৰ দিনটোতে ২০ কোটি টকা উপাৰ্জন কৰিছিল ছবিখনে।ইতিমধ্যে ১০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা কবীৰ সিং ছবিখনে সপ্তন দিনাও অব্যাহত ৰাখিলে বক্স অফিছত নিজৰ আধিপত্য। ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰাৰ পিছত এতিয়া ছবিখন লাহে লাহে ১৫০ কোটিৰ ঘৰৰ ফালে অগ্ৰসৰ হৈছে। ইয়াৰ লগে লগে কবীৰ সিং শ্বাহীদ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ ব্যৱসায়ীক সফল ছবি ৰূপে পৰিগণিত হৈছে।
![]()
কবীৰ সিং ছবিখনে মুক্তিৰ প্ৰথমদিনাই ২০.২১ কোটি টকা ব্যৱসায় কৰিছিল। সেইদৰে দ্বিতীয় আৰু তৃতীয় দিনা ক্ৰমে ২২ কোটি আৰু ২৭ কোটি টকা ব্যৱসায় কৰে কবীৰ সিং ছবিখনে। সন্দীপ ৰেড্ডী বাংগাই পৰিচালনা কৰা ছবিখনে যোৱা বৃহস্পতিবাৰে ১৫ কোটি টকাৰ ব্যৱসায় কৰে। ফলত সম্পূৰ্ণ সপ্তাহত ছবিখনে ১৩৫ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হয়।
কবীৰ সিঙে ভংগ কৰিলে টোটেল ধামালৰ অভিলেখ
কবীৰ সিঙে ভংগ কৰিলে টোটেল ধামাল ছবিৰ প্ৰথম উইকেণ্ডৰ বক্স অফিছ উপাৰ্জন। টোটেল ধামালে মুক্তিৰ প্ৰথম উইকেণ্ডত উপাৰ্জন কৰিছিল ৬২.৪০ কোটি টকা, য’ত কবীৰ সিঙে উপাৰ্জন কৰে ৭০.৮৩ কোটি টকা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|