• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Shah Rukh Khan-Gauri Khan: বিয়াৰ পিছত এগৰাকী অভিনেত্ৰীয়ে পণ্ড কৰিছিল শ্বাহৰুখ আৰু গৌৰী খানৰ প্ৰথম নিশা, কোন আছিল সেইগৰাকী অভিনেত্ৰী

Shah Rukh Khan-Gauri Khan: বিয়াৰ পিছত এগৰাকী অভিনেত্ৰীয়ে পণ্ড কৰিছিল শ্বাহৰুখ আৰু গৌৰী খানৰ প্ৰথম নিশা, কোন আছিল সেইগৰাকী অভিনেত্ৰী

মধুচন্দ্ৰিকাৰ নিশা বেয়াকৈ হৈছিল পণ্ড হৈছিল শ্বাহৰুখ-গৌৰীৰ বলীউডৰে এগৰাকী অভিনেত্ৰীৰ কাৰণে। 

মধুচন্দ্ৰিকাৰ নিশা বেয়াকৈ হৈছিল পণ্ড হৈছিল শ্বাহৰুখ-গৌৰীৰ বলীউডৰে এগৰাকী অভিনেত্ৰীৰ কাৰণে। 

মধুচন্দ্ৰিকাৰ নিশা বেয়াকৈ হৈছিল পণ্ড হৈছিল শ্বাহৰুখ-গৌৰীৰ বলীউডৰে এগৰাকী অভিনেত্ৰীৰ কাৰণে। 

  • Share this:
বিয়াৰ প্ৰথম দিনটো বিবাহিত দম্পতীৰ বাবে খুবেই বিশেষ হয়। তাতে যদি দম্পতী শ্বাহৰুখ খান আৰু গৌৰী খানৰ দৰে হয়, তেনে ক্ষেত্ৰত কোনো প্ৰশ্নই নুঠে। তেওঁলোকৰ প্ৰেমৰ কাহিনীয়ে নৱ প্ৰজন্মক প্ৰেমৰ ক্ষেত্ৰত সদায়ে অনুপ্ৰেৰণা যোগাই আহিছে। কিন্তু শ্বাহৰুখ-গৌৰীৰ বিয়াৰ প্ৰথম নিশাৰ অভিজ্ঞতা একেবাৰেই মধুৰ নাছিল, বিপৰীতে মধুচন্দ্ৰিকাৰ নিশা বেয়াকৈ হৈছিল পণ্ড, তাকো বলীউডৰে এগৰাকী অভিনেত্ৰীৰ কাৰণে।

ৰূপালী পৰ্দাৰ উপৰিও শ্বাহৰুখৰ প্ৰেম কাহিনী পৰীৰ কাহিনীৰ সমানেই সুন্দৰ। বছৰৰ উপৰি বছৰ পাৰ হৈ গ'ল, কিন্তু শ্বাহৰুখৰ নিজৰ পৰিয়াল আৰু পত্নীৰ সৈতে সম্পৰ্ক একেদৰেই থাকিল। কিং খান বিয়াৰ অত বছৰৰ পাছতো  নিজৰ বৈবাহিক জীৱনত অন্য কোনো ধৰণৰ বিতৰ্কত সোমোৱা দেখা নগ'ল। ঠিক একেদৰে গৌৰীকো অৰম্ভণীৰে পৰা আজি পৰ্যন্ত  শ্বাহৰুখৰ লগতে থকা দেখা গৈছে। গতিকে বলীউডৰ ৰিয়েল যুটি সমূহৰ ভিতৰত আজিও  শ্বাহৰুখ আৰু গৌৰীৰ নাম সকলোতকৈ আগত লোৱা হয়।

প্ৰথমে বন্ধুত্ব আৰু তাৰ পাছত প্ৰেম। তাৰ পাছত ২৫ অক্টোবৰ ১৯৯১ চনত শ্বাহৰুখ আৰু গৌৰীৰ বিবাহ সম্পন্ন হয়। পাছে দুয়ো বিয়াৰ প্ৰথম নিশা অকলশৰে নিবিড়ভাবে কটাবলৈ পোৱা নাছিল। মধুচন্দ্ৰিকাৰ নিশা হৈছিল পণ্ড। ইয়াৰ  কাৰণ আছিল অভিনেত্ৰী হেমামালিনী। মিডিয়াৰ মতে,  শ্বাহৰুখ আৰু গৌৰীয়ে বিয়াৰ প্ৰথম ৰাতি ফটো ছেটত কটাবলগীয়া হৈছিল।



কিন্তু কিয় ? সেই সময়ত হেমা মালিনীয়ে' দিল এইছা হেই'ৰ ছুটিং কৰি আছিল। হেমামালিনীয়ে সেই চিনেমাখনৰ ছুটিঙলৈ শ্বাহৰুখ খানক পঠিয়াইছিল আৰু গৌৰীও হেমা মালিনীক লগ পাবলৈ উত্ৰাৱল হৈ আছিল। সেইবাবেই গৌৰী শ্বাহৰুখৰ সৈতে ছুটিং ছেটলৈকে গৈছিল। কিন্তু তেওঁ যেতিয়া তাত গৈ উপস্থিত হ'লগৈ, তেতিয়ালৈ হেমামালিনী আহি পোৱা নাছিল।

গৌৰীক মেকআপ ৰূমতে এৰি থৈ শ্বাহৰুখে ৰাতি ১১ বজালৈকে নিজৰ ছুটিং কৰিবলৈ আৰম্ভ কৰিলে। ছুটিং ২ বজাত শেষ হ'ল। কিন্তু তেতিয়াও হেমামালিনী আহি নেপালেহি। তাৰ পাছত শ্বাহৰুখে গৌৰীক নিবলৈ মেকআপ ৰূমলৈ গ'ল। তেওঁ গৈ দেখিলে গৌৰীয়ে বিয়াৰ সাজ পিন্ধিয়েই চকীত শুই আছে। কইনাক আগুৰি মহে গোটেই কোঠালীটোত ভিৰ কৰিছে। অৱশ্যে তেতিয়া শ্বাহৰুখে এই বিষয়ে একো কোৱা নাছিল।  সেয়া শ্বাহৰুখৰ কেৰিয়াৰৰ আৰম্ভণিৰ সংগ্ৰামৰ দিন আছিল।
Published by:Manjumoni Borah
First published: