পূৰ্বে চৌকাত ৰান্ধি খোৱা স্বপ্না চৌধুৰী এতিয়া ইমান সম্পত্তিৰ গৰাকী

News18-Assam
Updated:May 15, 2019, 6:57 PM IST
পূৰ্বে চৌকাত ৰান্ধি খোৱা স্বপ্না চৌধুৰী এতিয়া ইমান সম্পত্তিৰ গৰাকী
এসময়ত চৌকাত ৰান্ধি খোৱা স্বপ্না চৌধুৰীৰ এতিয়া সম্পত্তিৰ তালিকা দেখিলে আচৰিত হ’ব আপুনিও

এসময়ত চৌকাত ৰান্ধি খোৱা স্বপ্না চৌধুৰীৰ এতিয়া সম্পত্তিৰ তালিকা দেখিলে আচৰিত হ’ব আপুনিও

  • Share this:
স্বপ্না চৌধুৰীয়ে নিজৰ বলত হাৰিয়ানাৰ নৃত্য শিল্পীৰ পৰা বিগ বছৰ চেলিব্ৰেটী আৰু তাৰ পিছত বলীউডৰ অভিনেত্ৰীলৈ এটা দীঘলীয়া যাত্ৰা গঢ়ি তুলিছিল। তেওঁৰ নৃত্যই চেৰ পেলাইছিল নামী–দামী তাৰকাৰ জনপ্ৰিয়তা। স্বপ্না চৌধুৰীৰ জীৱন যুঁজৰ কাহিনী যথেষ্ঠ অনুপ্ৰেৰণামূলক, পৰিয়ালৰ আলৈ–আথানিৰ সময়তো তেওঁ ছাঁ দৰে আছিল পৰিয়ালৰ লগত। বিগ বছ শ্ব’টো তেওঁ মানসিক নিৰ্যাতনৰ বলি হৈছিল। কিন্তু বৰ্তমান সময়ত তেওঁৰ জীৱন শৈলী এগৰাকী ছুপাৰষ্টাৰৰ দৰে। স্বপ্না যদিও সাধাৰণ লোকৰ দৰে বাস কৰে কিন্তু মিডিয়া ৰিপ’ৰ্ট অনুসৰি তেওঁৰ আছে অগাধ সম্পত্তি।

দিল্লীৰ নজফগড়ৰ বাসিন্দা স্বপ্না চৌধুৰী। হাৰিয়ানা জিলাৰ ৰোহটকৰ এখন সৰু চহৰ নজফগড়। স্বপ্নাৰ পিতৃ ৰোহটকতে এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। ২০০৮ চনত পিতৃৰ মৃত্যুৰ সময়ত স্বপ্নাৰ বয়স আছিল ১২ বছৰ। ইয়াৰ পিছত মাতৃ নীলম চৌধুৰী আৰু ভাতৃ–ভগ্নীৰ সম্পূৰ্ণ দায়িত্বভাৰ পৰিলে স্বপ্নাৰ ওপৰত। ঘৰ চলাবলৈ স্বপ্নাই গান আৰু নৃত্যক নিজৰ কেৰিয়াৰৰূপে গ্ৰহণ কৰিলে।



আৰম্ভণিতে স্বপ্নাই এটা নৃত্য অনুষ্ঠানৰ বাবদ পাইছিল মাত্ৰ ৩,১০০ টকা। কিন্তু এই নৃত্য অনুষ্ঠানে তেওঁক সফলতাৰ শিখৰ স্পৰ্শ কৰাত সহায় কৰিলে। এক সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ কৈছিলে যে মা যেতিয়া ৰান্ধনীশালত ব্যস্ত হৈ থাকে আশে–পাশে মোৰ গীতৰ গুণগুণিয়েই শুনিবলৈ পাইছিল আৰু মোৰ মা বহুত সুখ অনুভৱ কৰিছিল।



এটাৰ শ্ব’ৰ বাবদ ইমান টকা–
এটা ভিডিঅ’ই তেওঁক ইমান জনপ্ৰিয় কৰালে যে বিগ বছৰ ফালৰ পৰা তেওঁক মাতি পঠিয়ালে। এই ভিডিঅ’টো আছিল ক’লা চুৰিদাৰ পৰিধান কৰি হাৰিয়ানাৰ এটা গীত ‘তেৰী আখয়া কা য়ো কাজল’ত তেওঁ কৰা নৃত্য। এই ভিডিঅ’টো বৰ্তমান সময়টো যথেষ্ট ট্ৰেণ্ডিঙত আছে। বিগ বছৰ পিছত তেওঁৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পালে।

বৰ্তমান সময়ত স্বপ্নাই এটা শ্ব’ৰ বাবদ ৫ লাখতকৈও অধিক টকা মাননিৰূপে লয়। সম্পত্তিৰ যদি কথা কও মিডিয়া ৰিপ’ৰ্ট অনুসৰি নজফগড়ত স্বপ্নাৰ আছে এটা বিশাল অট্টালিকাষ লগতে অডী–ফৰচুনাৰৰ দৰে বিলাসী বাহন।



য়ুপী–বিহাৰৰ পৰা এমপিলৈ–
স্বপ্নাৰ সফলতাৰ উচ্চতা যিমানে বৃদ্ধি হৈ গৈ আছে একে সমানে তেওঁৰ অনুৰাগীৰ সংখ্যাও বাঢ়ি গৈ আছে। তেওঁ য’তে নাচিবলৈ যায় তাতেই তেওঁৰ অনুৰাগীৰে ভিৰ হয়। ছচিয়েল মিডিয়াত স্বপ্নাৰ নৃত্যৰে খলকনি।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading