ছবিগৃহৰ পৰ্দালৈ টকা দলিয়ালে ছলমান খানৰ অনুৰাগীয়ে!

‘ভাৰত’ চাই অভিভূত দৰ্শক! ছলমান খানক সকলোৱে কৰিলে প্ৰশংসা।

news18assam
Updated:June 5, 2019, 12:39 PM IST
ছবিগৃহৰ পৰ্দালৈ টকা দলিয়ালে ছলমান খানৰ অনুৰাগীয়ে!
‘ভাৰত’ চাই অভিভূত দৰ্শক! ছলমান খানক সকলোৱে কৰিলে প্ৰশংসা।
news18assam
Updated: June 5, 2019, 12:39 PM IST
ঈদৰ দিনাই মুক্তি লাভ কৰিলে ‘ভাৰত’।মুক্তিৰ দিনাই ছবিগৃহত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে অভিনেতা ছলমান খানৰ নৱতম ছবি ভাৰতে। সেইদৰে আজি পুৱাৰ ভাগতে ছবিখনে লাভ কৰা ৰিভিউৱেও এতিয়া ছবিখনৰ প্ৰতি উত্‍সুকতা বৃদ্ধি কৰিছে দৰ্শকৰ। ৰীল লাইফ প্ৰডাকছন আৰু ছলমান খানছ ফীল্মৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ এতিয়া যথেষ্ট আশাবাদী ছলমান খান। ছবিখনত ছলমান খানৰ উপৰিও  অভিনয় কৰিছে কেটৰীণা কেঈফ, দীচা পাটানী, সুনীল গ্ৰোৱাৰৰ দৰে অভিনেতা অভিনেত্ৰীয়ে।

আলী আব্বাছ জাফৰে পৰিচালনা কৰা ছবিখনত ছলমান খানৰ অভিনয়েও এতিয়া মুগ্ধ কৰিছে দৰ্শকক।


ছবিখন চাই এগৰকী দৰ্শকে নিজৰ টুইটাৰ একাউণ্টত লিখিছে যে ছবিখনত ছলমান খানৰ আছে জোৰদাৰ ‘Entry’ সেইদৰে ছবিখন চাই থাকোতে দৰ্শক সকল ইমানে আপ্লুত হৈ পৰাৰ লগতে  একাংশই ছবিগৃহৰ পৰ্দালৈ নিজৰ টকা দলিয়াই উল্লাখ কৰা দেখা গল ছবি গৃহত।


গায়িকা পলক মচ্ছলেও ছবিখন চাই টুইটাৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।


ইমান এখন সুন্দৰ ছবি উপহাৰ দিয়াৰ বাবে ছলমান খানক ধন্যবাদ জনালে গায়িকা পলক মচ্ছলে।


মুক্তিৰ দিনাই যে ছবিখনে বক্স অফিছচ এক অভিলেখ সৃষ্টি কৰিব সেইয়া নিশ্চিত।
আৰু চাওক পৰৱৰ্তী বাতৰি