ডাবাং–৩ ৰ পিছত ছলমান খান–দিশা পাটানীৰ যুটীৰে ‘ৰাধে’

প্ৰভূ দেৱাই পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে ছোহেইল খানে

News18-Assam
Updated:November 2, 2019, 12:59 PM IST
ডাবাং–৩ ৰ পিছত ছলমান খান–দিশা পাটানীৰ যুটীৰে ‘ৰাধে’
Source-google
News18-Assam
Updated: November 2, 2019, 12:59 PM IST
চৰ্চাত ছলমান খানৰ ডাবাং–৩। অহা ২০ ডিচেম্বৰত ছবিগৃহলৈ আহিব ছলমান খান অভিনীত ডাবাং–৩। প্ৰভূ দেৱাই পৰিচালনা কৰা ছবিখন এতিয়া সৰ্বত্ৰ চৰ্চিত। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। ডাবাং–৩ক লৈ চৰ্চা চলি থকাৰ সময়তে ছলমান খান সাজু হৈছে এখন নতুন ছবিৰ বাবে।



আৰম্ভ হৈছে ছলমান খানৰ নতুন ছবি ৰাধেৰ শ্বুটিং। ছবিখনত ছলমানৰ খানৰ বিপৰীতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী দিশা পাটানীয়ে। প্ৰভূ দেৱাই পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰিছে ছোহেইল খানে।
আৰু চাওক পৰৱৰ্তী বাতৰি