দীপিকা পাডুকণ আৰু ৰণবীৰ সিং উপস্থিত আছিল এটা টেলিভিচন শ্ব’ত। সাক্ষাৎকাৰটোত ৰণবীৰে পত্নী দীপিকাৰ লগত PDA কৰা দেখা পোৱা গ’ল
দীপিকা পাডুকণ আৰু ৰণবীৰ সিং উপস্থিত আছিল এটা টেলিভিচন শ্ব’ত। সাক্ষাৎকাৰটোত ৰণবীৰে পত্নী দীপিকাৰ লগত PDA কৰা দেখা পোৱা গ’ল
ৰণবীৰ আৰু দীপিকাৰ বিয়া হোৱা এবছৰ পাৰ হ’ল। বিভিন্ন অনুষ্ঠানত ৰণবীৰ আৰু দীপিকাক সদায় ব্যতিক্ৰমী ৰূপত দেখা যায়। কেতিয়াবা যদি কামেৰে কেতিয়াবা সাজ–পোচাকেৰে প্ৰায়ে চৰ্চাত থাকে দীপিকা আৰু ৰণবীৰ। এটা টেলিভিছন শ্ব’ত ৰণবীৰ আৰু দীপিকাক এংকৰে ক’লে সংযত হ’বলৈ। বিষয়টোৱে এতিয়া ইণ্টাৰনেটত বিশেষ চৰ্চা লাভ কৰিছে।
টেলিভিছনৰ এক অনুষ্ঠানত অভিনেত্ৰী দীপিকা পাডুকণ, ৰণবীৰ সিং, আয়ুষ্মান খুৰানা, মনোজ বাজপেয়ী, দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় উপস্থিত আছিল। সাক্ষাৎকাৰটোত এংকৰ অনুপমা চোপ্ৰাৰ এটা প্ৰশ্নৰ উত্তৰত আলিয়া ভাটে নিজৰ মন্তব্য প্ৰকাশ কৰি থাকোতেই দীপিকাৰ ফালে চাই চাই ৰণবীৰে দীপিকাৰ কান্ধত চুমা খাই দিয়ে। হঠাৎ ৰণবীৰৰ এনে আচৰণ দেখি সকলো আচৰিত হৈ যায় আৰু এংকৰে ৰণবীৰক সংযত হ’বলৈ কয়।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|