এয়াৰপৰ্টত ৰাণু মণ্ডলক দেখি ছেলফী উঠিবলৈ আহিছিল অনুৰাগী, উফ ৰাণু মণ্ডলৰ কি আচৰণ...!

News18-Assam
Updated:November 23, 2019, 11:49 AM IST
এয়াৰপৰ্টত ৰাণু মণ্ডলক দেখি ছেলফী উঠিবলৈ আহিছিল অনুৰাগী, উফ ৰাণু মণ্ডলৰ কি আচৰণ...!
‘যেন ৰাণুৱে কাকো দেখাই নাই, যেন ৰাণুক কোনেও মতাই নাই

‘যেন ৰাণুৱে কাকো দেখাই নাই, যেন ৰাণুক কোনেও মতাই নাই

  • News18 Assam
  • Last Updated: November 23, 2019, 11:49 AM IST
  • Share this:
ইন্টাৰনেট Sensation ৰ পৰা বলীউদৰ কণ্ঠশিল্পী হোৱা ৰাণু মণ্ডলে যেনেকৈ নহওক প্ৰায়ে দখল কৰি আহিছে সংবাদ শিৰোণাম। কিছুদিন পূৰ্বে এগৰাকী অনুৰাগীয়ে ৰাণু মণ্ডলক পিছফালৰ পৰা গাত ধৰি মতাৰ কাৰণে ৰাজহুৱাকৈ ককৰ্থনা কৰিছিল। সেই ঘটনা ইণ্টাৰনেটতো ভাইৰেল হৈ পৰিছিল।  ইয়াৰ পিছতে ৰাণুৰ মেকআপ কৰা ভিডিঅ’ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত।  বহুতে ট্ৰ’ল কৰিছিল ৰাণুৰ সেই ৰূপ দেখি। এতিয়া আকৌ এবাৰ ৰাণু মণ্ডলৰ এটা নতুন ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।  এয়াৰ পৰ্টত এগৰাকী অনুৰাগীয়ে ৰাণু মণ্ডলক দেখা পাই ছেলফী উঠিবলৈ আহিছিল। অনুৰাগীজনে ৰাণুক মাত দিয়াৰ পিছত ৰাণু মণ্ডলে  যিধৰণে আচৰণ কৰে, সেই দেখি ৰাণুক বিভিন্ন জনে কৰিছে সমালোচনা।

এয়াৰপৰ্টত ৰাণুৱে কাৰোবাৰ বাবে অপেক্ষা কৰি আছিল। ৰাণুক দেখি এগৰাকী অনুৰাগী আগবাঢ়ি আহিছিল। কিন্তু অনুৰাগীজনে ৰাণুক মতাৰ পিছত ৰাণু মণ্ডলে এনে প্ৰতিক্ৰিয়া দিয়ে যেন, ৰাণুক কোনেও মতাই নাই, ৰাণুৱে একো বুজিয়েই পোৱা নাই!

চাওক ভিডিঅ’




 





View this post on Instagram




 

#fan #india#love#support #instagram #tiktok #socialmedia #facebook #whatshapp #hello#tseries #sonytv


A post shared by Ranu Mondal⏺️ (@ranumondal.offical) on




আৰু চাওক
পৰৱৰ্তী বাতৰি