হিমেশ ৰেশমিয়াৰ তত্বাৱধানত ৰাণু মণ্ডলে গীত গাই আছিল, কিন্তু সেই সময়তে হিমেশৰ উঠিল প্ৰচণ্ড খং!

বাৰে বাৰে সকীয়াই দিছিল হিমেশ ৰেশমিয়াই, কিন্তু অমান্য কৰিছিল হিমেশৰ আদেশ!

News18-Assam
Updated:September 7, 2019, 11:28 AM IST
হিমেশ ৰেশমিয়াৰ তত্বাৱধানত ৰাণু মণ্ডলে গীত গাই আছিল, কিন্তু সেই সময়তে হিমেশৰ উঠিল প্ৰচণ্ড খং!
বাৰে বাৰে সকীয়াই দিছিল হিমেশ ৰেশমিয়াই, কিন্তু অমান্য কৰিছিল হিমেশৰ আদেশ!
News18-Assam
Updated: September 7, 2019, 11:28 AM IST
এতিয়া সকলোতে যেন ৰাণু মণ্ডল... ৰাণু মণ্ডল। ছচিয়েল মিডিয়াত খুলিলেই দেখা যায় কেৱল ৰাণু মণ্ডলৰ ভিডঅ’। এটাই ভাইৰেল ভিডিঅ’ ভাগ্য সলনি কৰা ৰাণু মণ্ডল এতিয়া তাৰকা। ৰে’ল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু আজি বলীউদৰ নেপথ্য কণ্ঠশিল্পী। ইতিমধ্যে ৰাণু মণ্ডলে হিমেশ ৰেশমিয়াৰ ছবিৰ বাবে কণ্ঠদান কৰিছে তিনিটাকৈ গীতত। প্ৰতিটো গীতৰ ভিডিঅ’ হিমেশ ৰেশমিয়াই শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

কিন্তু ৰাণু মণ্ডলক নিজৰ গীতত কণ্ঠদান কৰোৱাই থকাৰ সময়তে এগৰকীয়ে নিজৰ মবাইলত ভিডিঅ’ কৰিছিল। হিমেশ ৰেশমিয়াই বাৰে বাৰে ভিডিঅ’ নকৰিবলৈ লোকজনক সকীয়াই থকাৰ পিছতো যুৱকজনে ভিডিঅ’ কৰি থকাত প্ৰচণ্ড খং উঠে সংগীত পৰিচালকজনৰ।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

https://www.facebook.com/HimeshReshammiyaOfficial/videos/2426879397523936/?t=92
আৰু চাওক পৰৱৰ্তী বাতৰি